গুৱাহাটী – জন প্রতিনিধিত্ব আইন-১৯৫১ৰ ধাৰা ১২৬ অনুসৰি আগন্তুক অসম বিধানসভা নির্বাচনৰ প্ৰতিটো পর্যায়তে ভােট গ্রহণ সমাপ্ত হােৱাৰ ৪৮ ঘন্টা পূৰ্বে প্রার্থীসকলে নির্বাচনী প্রচাৰ সমাপ্ত কৰিব লাগিব। এই অনুসৰি প্রথম পর্যায়ত ৪৭ টা সমষ্টিৰ বাবে অহা ২৭ মার্চত অনুষ্ঠিত হ’বলগীয়া ভােট গ্রহণৰ ক্ষেত্ৰত অহা ২৫ মার্চৰ সন্ধিয়া ৬ বজাত নির্বাচনী প্রচাৰৰ অন্ত পেলাব লাগিব।

এই সময়ছােৱাত কোনাে ব্যক্তিয়ে নির্বাচনী প্রচাৰ সম্পৰ্কীয় কোনাে সভা, শােভাযাত্রা আদি অনুষ্ঠিত কৰা বা উপস্থিত থকাৰ পৰা বিৰত থাকিব লাগিব। তদুপৰি এই সময়ছােৱাত ৰেডিঅ’, টেলিভিশন আদি গণমাধ্যমসমূহতাে প্রচাৰ কাৰ্য বন্ধ ৰাখিব লাগিব। ইয়াৰ উপৰি ভােটাৰসকলক আকর্ষিত কৰিব পৰা কোনাে মনােৰঞ্জনধর্মী অনুষ্ঠান আয়ােজনৰ পৰাও এই সময়ছােৱাত বিৰত থাকিব লাগিব।

আৰু পঢ়কঃ পুতুলা নাচ প্ৰদৰ্শনৰে বিজেপিৰ ব্যতিক্ৰমী নিৰ্বাচনী প্ৰচাৰ

আনহাতে এগজিট পল বা ৰাইজৰ মতামতৰ ভিত্তিত কৰিব খােজা নির্বাচনী ফলাফল পুর্বানুমানাে এইসময়ছােৱাত ঘােষণা কৰিব নােৱাৰিব। আনহাতে কেইবাটাও পর্যায়ত আৰু কেইবাখনাে ৰাজ্যত একেলগে নির্বাচন অনুষ্ঠিত হােৱা বাবে এই সকলাে ৰাজ্যৰ সকলাে পর্যায়ৰ ভােট গ্রহণ প্রক্রিয়া সম্পূর্ণ হােৱাৰ পিছতহে এগজিট পল বা ৰাইজৰ মতামতৰ ভিত্তিত কৰিব খােজা নির্বাচনী ফলাফল ঘােষণা কৰিব পাৰিব।

ভােটদাতাসকলৰ বাবে ভােট গ্রহণৰ আগমূহুৰ্তত এক শান্তিপূর্ণ পৰিৱেশৰ সৃষ্টি কৰাই এই নিষেধাজ্ঞাৰ উদ্দেশ্য। এই নিষেধাজ্ঞা উলংঘা কৰিলে জৰিমনাৰ সৈতে বা জৰিমনা অবিহনে দুবছৰ পর্যন্ত কাৰাবাস বৰণ কৰিবলগীয়া হ’ব পাৰে বুলি নিৰ্বাচন আয়োগৰ মিডিয়া কোষৰ ফালৰ পৰা জানিবলৈ দিয়া হৈছে।

আৰু পঢ়কঃ আছুৰ প্ৰতিবাদী কাৰ্যসূচী, ‘কা’ বাতিলৰ দাবীত এঘাৰ ঘন্টীয়া অনশন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,278 other subscribers

Leave a comment

Leave a Reply