বিশ্বনাথ: আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে ভোটাৰৰ মাজত সজাগতা সৃষ্টিৰ বাবে বিশ্বনাথ জিলাতো আৰম্ভ হৈছে আয়োগৰ সজাগতা অনুষ্ঠান | বিশ্বনাথ জিলাৰ উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই নিৰ্বাচন প্ৰতীকপট আৰু জনপ্ৰিয় কন্ঠশিল্পী নাহিদ আফ্ৰীনে পৰিৱেশন কৰা নিৰ্বাচনী গীত আনুষ্ঠানিক ভাৱে শুকুৰবাৰে উন্মোচন কৰে ৷ ড° সূৰ্য্য কমল বৰাই লিখা এই গীতটি কণ্ঠদান কৰে নাহিদ আফ্ৰিনে আৰু সুৰ দিবাকৰ বৰাৰ ।
গীতটি উন্মোচনৰ পিছতে ক্লক টাৱাৰৰ পৰা যাত্ৰা আৰম্ভ কৰি উপায়ুক্তৰ কাৰ্যালয়লৈ অহা হয় ৷ ৰাইজৰ সজাগতাৰ বাবে এই গীত আৰু পদযাত্ৰাৰ জৰিয়তে সকলোৱে নিজৰ বিবেচনাৰে ২০২১ চনৰ নিৰ্বাচনৰ নিজৰ বহুমুলীয়া ভোট প্ৰদান কৰিবলৈ আহ্বা জনাই | জনপ্ৰিয় কন্ঠশিল্পী গৰাকীয়ে ৰাইজক ভোট প্ৰদান কৰিবলৈ আহ্বান জনোৱাৰ লগতে নিজেও এইবাৰ প্ৰথম বাৰৰ বাবে ভোটদান কৰিবৰ বাবে অধিক আগ্ৰহেৰে বাট চাইছে বুলি মন্তব্য কৰে ।