ভোটগণনা

এফালে ৰাজ্যত ক’ভিডৰ বিভীষিকা দিনক দিনে ভয়াবহতাৰ পিনে গতি কৰিছে তাৰ মাজতেই বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ দিন ওচৰ চাপি আহিছে । ২ মে’ত হ’ব লগীয়া ভোটগণনা আৰু ক’ভিডৰ সন্ত্ৰাসে চিন্তা পেলাইছে নিৰ্বাচন আয়োগকো । ইয়াৰ বাবে নিৰ্বাচন আয়োগ আৰু স্বাস্থ্য বিভাগ তৎপৰ হৈ পৰিছে ।

ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভোট গণনাৰ বাবে বিশেষ পৰ্যবেক্ষক হিচাপে অসমৰ বাহিৰৰ পৰা আহিবলগীয়া ১৫০ গৰাকী বিষয়া ভোট গণনাৰ এদিন বা দুদিন পূৰ্বে অসমত উপস্থিত হ’ব । গতিকে স্বাভাৱিকতে এইসকল পৰ্যবেক্ষকৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে ।


প্ৰতিটো বিমান বন্দৰতে পৰ্যবেক্ষকসকলক ক’ভিড পৰীক্ষাৰ বাবে ব্যৱস্থা কৰা হৈছে । অৱশ্যে অসমলৈ অহা সকলো বিমানযাত্ৰীৰ ক্ষেত্ৰত যি সাতদিনীয়া বাধ্যতামূলক হোম কোৱাৰেণ্টাইনৰ নিৰ্দেশ ইতিমধ্যে চৰকাৰে দিছিল, সেই নিৰ্দেশ এইসকল পৰ্যবেক্ষকৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব ।

যদিহে পৰীক্ষাত কাৰোবাৰ ক’ভিডৰ সংক্ৰমণ ধৰা পৰে, তেন্তে সেইসকল পৰ্যবেক্ষকক সংশ্লিষ্ট বিমানবন্দৰৰ পৰা বাহিৰে বাহিৰে লৈ যোৱা হ’ব ক’ভিড হাস্পতাললৈ আৰু তেওঁলোকক ৰখা হ’ব বিশেষ আছুতীয়া কেবিনত ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply