গুৱাহাটী: আগন্তুক গুৱাহাটী পৌৰনিগম নিৰ্বাচনৰ বাবে চলি থকা প্ৰচাৰত নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগত মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে তদন্তৰ নিৰ্দেশ দিছে।
ৰাজ্যিক নিৰ্বাচন আয়োগে কামৰূপ মহানগৰৰ উপায়ুক্ত পল্লৱ গোপান ঝাক তদন্তৰ দায়িত্ব অৰ্পন কৰিছে।
ৰাজ্যিক নিৰ্বাচন আয়োগে উপায়ুক্ত গৰাকীলৈ প্ৰেৰণ কৰা এখন পত্ৰত অসম জাতীয় পৰিষদে দাখিল কৰা এক আৱেদনৰ ভিত্তিত উপায়ুক্ত পল্লৱ গোপাল ঝাক গোটেই বিষয়টোত এক তদন্ত কৰি শীঘ্ৰে আয়োগৰ হাতত ইয়াৰ প্ৰতিবেদন প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে।
উল্লেখযোগ্য যে যোৱা ১৮ এপ্ৰিলত অসম জাতীয় পৰিষদে ৰাজ্যিক নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰা এক আৱেদনত মুখ্য মন্ত্ৰীয়ে পৌৰনিগম নিৰ্বাচনৰ বাবে বিজেপিৰ এক প্ৰচাৰ সভাত প্ৰলোভিত কৰিছিল বুলি অভিযোগ আনে।
অজাপৰ মহানগৰ জিলাৰ সভাপতি সঞ্জিৱ বৰাই মুখ্য মন্ত্ৰীৰ বিৰুদ্ধে ৰাজ্যিক নিৰ্বাচন আয়োগত আৱেদন দাখিল কৰিছিল। বৰাৰ মতে মুখ্য মন্ত্ৰীয়ে তেওঁৰ ভাষণত প্ৰতিটো ৱাৰ্ডৰ পৰা ১০০০ পৰিয়ালক অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ লগতে বিজেপি প্ৰাৰ্থীক ভোট দিলে উন্নয়নমূলক কাৰ্য্যৰ বাবে প্ৰতিটো ৱাৰ্ডক ১০ কোটি টকা প্ৰদান কৰা হ’ব বুলি কৈছিল।
লগতে পঢ়ক – বিটিচি প্ৰধান প্ৰমোদ বড়োৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত: নিহত এজন