ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া নীতিন খাড়ে
ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া নীতিন খাড়ে

নিউজ ডেস্ক: ২০২১ৰ বিধানসভা নিৰ্বাচনত ভোটদানৰ হাৰ বৃদ্ধিৰ লক্ষ্য লৈছে নিৰ্বাচন আয়োগে । ইয়াৰ বাবে ভোটদানৰ হাৰ বৃদ্ধিৰ বাবে বিশেষ সজাগতামূলক পদক্ষেপ গ্ৰহন কৰিব ৰাজ্যিক নিৰ্বাচন আয়োগে । ইয়াৰ বাবে
জনপ্রিয় ব্যক্তিক লৈ নিৰ্বাচন আয়োগে চলাব সজাগতা অভিযান । ক্ৰিকেটাৰ ৰিয়ান পৰাগ, অভিনেতা কপিল বৰা আৰু কণ্ঠশিল্পী অনিন্দিতা পালক লৈ চলাব সজাগতা অভিযান । পেৰা চাইক্লিষ্ট ৰাকেশ বণিকৰ সহায়তো চলাব সজাগতা অভিযান । ‘অব কী বাৰ ৮৫% পাৰ’- ৰাজ্যিক নিৰ্বাচন আয়োগৰ শ্ল’গান । ব’হাগ আৰু ব’হাগী নামেৰে মাছক’ড মুকলি কৰে ৰাজ্যিক নিৰ্বাচন আয়োগে ।

ৰাইজক সজাগতাৰ বাবে বাটৰ নাট নিৰ্বাচন আয়োগৰ

সজাগতাৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগে গঠন কৰিছে শ্বুইপ চেল । পৰম্পৰাগত সাজেৰে দুই যুৱক-যুৱতী শুভংকৰ ব’হাগ-ব’হাগী মুকলি । ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে নিৰ্বাচনী আয়োগৰ শীৰ্ষক গীত মুকলি । জনতা ভৱনত আয়োজিত ৰাজ্যিক নিৰ্বাচন আয়োগৰ সংবাদমেলত এই মন্তব্য কৰে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েই ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply