ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া নীতিন খাড়ে
ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া নীতিন খাড়ে

নিউজ ডেস্ক- ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাড়েৰ পোষ্টেল বেলটৰ সন্দৰ্ভত সংবাদমেল সম্বোধন।
সংবাদমেলত কোভিড-১৯ সৃষ্ট পৰিৱেশৰ পাছত পোষ্টেল বেলট প্ৰক্ৰিয়া কিছু সলনি কৰা হৈছে বুলি জনাই নিৰ্বাচনী বিষয়া গৰাকীয়ে। ৩টা কেটেগ’ৰীত এই পোষ্টেল বেলট যোগে ভোট দিব পাৰিব ভোটাৰে।


৮০ বছৰৰ উৰ্ধৰ লোকৰ বাবে পোষ্টেল বেলটৰ সুবিধা।কোভিড-১৯ত আক্ৰান্ত তথা বিশেষভাৱে সক্ষম লোকসকলৰ বাবেও পোষ্টেল ভোট দিয়াৰ সুবিধা। জিলা নিৰ্বাচনী বিষয়াৰ জৰিয়তে বিষয়টো তত্বাৱধান কৰা হৈছে বুলি জনায়। তৃণমূল পৰ্য্যায়ৰ কৰ্মচাৰী ঘৰে ঘৰে গৈ এই সুবিধা অৱগত কৰা হৈছে।

প্ৰথম পৰ্য্যায়ত ৬ মাৰ্চৰ পূৰ্বে আবেদন জমা দিব লাগিব। বিএলঅ’য়ে স্বাস্থ্য বিভাগৰ দল লগত লৈ তিনিটা কেটেগৰীৰ গৃহত উপস্থিত হ’ব।অসমত ৮০ উৰ্ধৰ ২ লাখ ৯০ হাজাৰ ২৩৮ গৰাকী ভোটাৰ আছে।বিশেষ ভাৱে সক্ষম ১ লাখ ৩৩ হাজাৰ ৭৮৯ গৰাকী ভোটাৰ আছে ৰাজ্যত। বৰ্তমানে কোভিড আক্ৰান্ত ভোটাৰৰ সংখ্যা ২৮৯জন। পষ্টেল বেলেট জমা দিয়াৰ অন্তিম তাৰিখ ২৬ মাৰ্চ। যিসকল ব্যক্তিয়ে পোষ্টেল বেলত পাব, তেওঁলোকে পুনৰাই পুলিং চেণ্টাৰত ভোট দিয়াৰ সুবিধা নাপাব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply