নিউজ ডেস্কঃ ভাৰতৰ নিৰ্বাচন আয়োগে আজি ঘোষণা কৰিব ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনৰ দিন। বিয়লি ৩ বজাত এখন সংবাদমেল অনুষ্ঠিত কৰি সূচী ঘোষণা কৰিব নিৰ্বাচন আয়োগে। ২৪ জুলাইত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকালৰ অন্ত পৰিব আৰু সেই তাৰিখৰ পূৰ্বে অনুষ্ঠিত হ’ব ৰাষ্ট্ৰপতি নিৰ্বাচন।
ভাৰতবৰ্ষৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বিধায়ক, লোকসভা আৰু ৰাজ্যসভাৰ নিৰ্বাচিত সাংসদৰ প্ৰত্যক্ষ ভোটৰ দ্বাৰা ৰাষ্ট্ৰপতি নিৰ্বাচন কৰা হয়। কিন্তু এই নিৰ্বাচনৰ ক্ষেত্ৰত সকলো বিধায়ক আৰু নিৰ্বাচিত সাংসদসকলৰ ভোটৰ মূল্য বেলেগ বেলেগ হয়।
ৰাজ্যসভা আৰু লোকসভা আৰু ৰাজ্যসমূহৰ বিধানসভাৰ মনোনীত সদস্যসকলক Electoral college ত অন্তৰ্ভুক্ত কৰাৰ অনুমতি নাই। তদুপৰি বিধানসভাৰ সদস্যসকলো ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদানৰ যোগ্যতা নাই।