নিউজ ডেস্ক: কাইলৈ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ সাজু ৰাজ্যৰ ৪৭ টা সমষ্টি । বিজেপিক ৰোধিবৰ বাবে কংগ্ৰেছৰ নেতৃত্বত গঠন মহাজোঁট । কংগ্ৰেছ, এআইইউডিএফ, আঞ্চলিক গণ মৰ্চা, বিপিএফ আৰু বামপন্থী দলসমূহক লৈ গঠন মহাজোঁট । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত এই মহাজোঁটৰ ফালৰ পৰা কংগ্ৰেছেই ৪৭টা আসনৰ অধিকাংশতেই নিৰ্বাচনত নামিছে ।

মহাজোঁট হোৱাৰ দিনৰ পৰাই এই গোটটোৰ ফালৰ পৰা সকলো দলৰ এখন উমৈহতীয়া কাৰ্যসূচী প্ৰকাশ কৰাৰ কথা সকলো দলেই কৈ আহিছিল যদিও কাইলৈ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহন হ’ব লগা অবস্থাত এতিয়াও প্ৰকাশ নাপালে । ইয়াৰ বিপৰীতে এআইইউডিএফ দলৰো নিৰ্বাচনী ইস্তেহাৰ প্ৰকাশ নকৰিলে, অথচ তেওলোকৰ প্ৰাৰ্থী প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অংশ লৈছে ।এআইইউডিএফ দলৰ ফালৰ পৰা নিৰ্বাচনী ইস্তেহাৰ শুকুৰবাৰে প্ৰকাশ কৰাৰ কথা আছিল যদিও প্ৰিন্টিং ভুল থকাৰ অজুহাত দেখুৱাই প্ৰকাশ নকৰিলে ।

আৰু পঢ়কঃউপ–ৰাজ্যপালৰ হাতলৈ দিল্লীৰ প্রশাসনিক ক্ষমতা


মহাজোঁটৰ নিৰ্বাচনী ঘোষণা পত্ৰ প্ৰকাশ হৈছে যদিও কংগ্ৰেছ দলে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে প্ৰকাশ কৰাত আগ্ৰহী নহয় কংগ্ৰেছ । যি সময়ত বিজেপিয়ে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভূমিপুত্ৰক মাটিৰ পট্টা দিয়াৰ কথা উল্লেখ কৰি প্ৰচাৰ চলাইছে সেই সময়ত মহাজোঁটে ইস্তেহাৰত চৰ অঞ্চলৰ লোকক মাটিৰ পট্টা দিয়াৰ কথা উল্লেখ কৰিছে । বিপৰীতে বিজেপি চৰকাৰে চৰকাৰী খৰচত চলি থকা মাদ্ৰাছা বোৰ বন্ধ কৰাৰ বিষয়টো লৈ প্ৰচাৰ চলাইছে, তাৰ বিপৰীতে মহাজোঁটে চৰকাৰ গঠন কৰিলে ইয়াক পুনৰ মুকলি কৰাৰ প্ৰতিশ্ৰুতি দিছে । এইবোৰ কথা পোহৰলৈ আহিলে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰভাব পৰিব বুলি শংকা কৰিয়েই কংগ্ৰেছে মহাজোঁটৰ ঘোষণা পত্ৰ মুকলি নকৰিলে ।

আৰু পঢ়কঃ দুদিনীয়া ভ্ৰমণ সূচীলৈ বাংলাদেশলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

দ্বিতীয় পৰ্যায়ৰ ভোটদানৰ পূৰ্বেই এই ইস্তেহাৰ প্ৰকাশ কৰি মহাজোঁটৰ বিগ ব্ৰাদাৰ কংগ্ৰেছে নতুন ইছ্যু লৈ ৰাইজৰ মাজলৈ যোৱাৰ বাবে সাজু হৈছে । প্ৰথম পৰ্যায়ত কা বিষয়টোক লৈ যিমান প্ৰচাৰত নামিছিল দ্বিতীয় পৰ্যায়ত বিশেষকৈ বৰাক ভেলীৰ নিৰ্বাচনৰ সময়ত সেই বিষয় লৈ আতৰি থাকিব কংগ্ৰেছ নেতৃত্ব ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply