কংগ্ৰেছৰ নিৰ্বাচনী ইস্তেহাৰ মুকলি কৰিলে ৰাহুল গান্ধীয়ে

নিউজ ডেস্ক: কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে গুৱাহাটীক ৰাজীৱ ভৱনত অসম বিধানসভা নিৰ্বাচনৰ বাবে প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰখন মুকলি কৰে। নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰি ৰাহুল গান্ধীয়ে কয় আৰএছএছ আৰু বিজেপি চৰকাৰে সংস্কৃতি, ভাষা, বুৰঞ্জী আৰু মানুহৰ চিন্তাত আক্ৰমণ কৰি ধ্বংস কৰিব বিচাৰিছে। কংগ্ৰেছৰ এইখন ইস্তাহাৰত সাধাৰণ শ্ৰেণীৰ মানুহৰ কথা আৰু তেওলোকৰ সমস্যাসমূহ শুনি প্ৰস্তুত কৰা হৈছে ।

কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত স্থান পালে মাইক্ৰফাইনেন্স ঋণ মাফ, চৰকাৰী বাছত মহিলাৰ বিনামূলীয়া যাত্ৰা, জনজাতীকৰণৰ প্ৰতিশ্ৰুতি ।বন্ধ হৈ পৰা অসমৰ কাছাৰ আৰু জাগীৰোডৰ কাগজ কল দুটা পুনৰ জীয়াই তোলাৰো সংকল্প লোৱাৰ কথা উল্লেখ কৰিলে নিৰ্বাচনী ইস্তেহাৰত । নিৰ্বাচনী ইস্তাহাৰ মুকলি অনুষ্ঠানত ৰাহুল গান্ধীৰ সৈতে উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, সাংসদ গৌৰৱ গগৈ, প্ৰদ্যুত বৰদলৈ, জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰ লগতে অন্যান্য নেতৃত্ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply