কোকৰাঝাৰ: ইউ পি পি এলে নিৰ্বাচনী ঘোষণা পত্ৰত বিটিআৰ চুক্তিৰ প্ৰতিটো দফা ৰূপায়নৰ প্ৰতিশ্ৰুতি দিছে । আজি কোকৰাঝাৰত আয়োজিত এক অনুষ্ঠানত ইউপিপিএলৰ নিৰ্বাচনী ঘোষণা পত্ৰ মুকলি কৰে দলৰ সভাপতি তথা বিটিচি চিফ প্ৰমোদ বড়োৱে ।
বিটিআৰত বসৱাস কৰা সকলো জাতি জনগোষ্ঠীৰ বাবে উন্নয়ন ব’ৰ্ড গঠন কৰা ।
বিটিআৰৰ সকলো বিভাগতে বিশেষ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰি নিবনুৱা সমস্যা সমাধান কৰাৰো প্ৰতিশ্ৰুতি দিয়া হৈছে ঘোষণাপত্ৰত । অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলক আইএএচ ,আইপিএচ , এচিএচ কোচিংৰ বাবে পাঁচলাখ আৰু দুইলাখকৈ প্ৰদান কৰাৰো কথা হৈছে ।
চৰকাৰী চাকৰিত মহিলাৰ নিয়োগৰ ক্ষেত্ৰত ৩৩ শতাংশ সংৰক্ষণৰ ক্ষেত্ৰত নীতি প্ৰস্তুত কৰাৰ কথাও কোৱা হৈছে ।
শান্তি , সম্প্ৰতি আৰু গণতন্ত্ৰ উদ্ধাৰৰ বাবে পুণৰমিলন মিছন আৰম্ভ হব
ভূমি উপদেষ্ঠা পৰিষদত নৃগোষ্ঠীও সম্বন্ধীয় , ভাষাতত্ব সম্বন্ধীয় , ধাৰ্মিক আৰু উপজাতীয় সম্প্ৰদায়ৰ প্ৰতিনিধিত্ব নিশ্চিতিকৰণ ব্যবস্থা কৰাৰ কথা কোৱা হৈছে।সকলো গাঁওপৰিষদত ওৱান ষ্টপ কৃষক কেন্দ্ৰ স্থাপন হ’ব ।ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় খেলুৱৈক ক্ৰীড়া বৃত্তি প্ৰদান ,বিশিষ্ট প্ৰবীণ খেলুৱৈক ক্ৰীড়া পেঞ্চন প্ৰদানৰ ব্যবস্থা কৰাৰ কথা কোৱা হৈছে । জৌহৌলাও চৌমলা বসুমতাৰীৰ স্মৰণত এটা পূৰ্ণাংগ টিভি চেনেল প্ৰচাৰ কৰা । ৱেব পৰ্টেলক পৰ্যাপ্ত আৰ্থিক অনুদান দিয়াৰ কথা কোৱা হৈছে । লগতে বছৰি ৬০ বছৰ উৰ্ধৰ ৫ জন সাংবাদিকক পেঞ্চন প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে ইস্তেহাৰত ।
নিৰ্বাচনী ইস্তেহাৰ মুকলি অনুষ্ঠানত বিটিচি চীফ প্ৰমোদ বড়োৱে বিজেপি ইউপিপিএলে বিটিআৰৰ ১২ টা সমষ্টিয়ে দখল কৰিব মন্তব্য কৰাৰ লগতে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অধিকসংখ্যক আসনেই বিজেপিয়ে লাভ কৰিব প্ৰকাশ কৰে ।