নিউজ ডেস্ক: যোৱা সময় ছোৱাত প্ৰায় ২৮ বছৰ ধৰি কংগ্ৰেছৰ দখলত থকা মৰিয়নি সমষ্টিটো উদ্ধাৰৰ বাবে বিজেপিয়ে অভিযান আৰম্ভ হৈছে। শেহতীয়াকৈ চৰ্চালৈ আহিছে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ নাম। প্ৰথম পৰ্যায়ত নিৰ্বাচন হ’ব লগা দলটোৰ প্ৰাৰ্থী কোন হ’ব সময় হাতত মাত্ৰ ৬টা দিন । তাছাৰ নাম শেহতীয়াকৈ চৰ্চাত আহিছে যদিও প্ৰাৰ্থিত্বৰ দাবীদাৰ বহুকেইজন আছে । বিজেপিৰ ভাষিক সংখ্যালঘু কোষৰ অধ্যক্ষ অলক ঘোষ, জ্যেষ্ঠ বিজেপি নেতা ৰমণী তাঁতী, যোৰহাট জিলা চাহ মৰ্চাৰ সভাপতি সঞ্জয় কৃষ্ণ তাঁতী , চাহ মৰ্চাৰ অঞ্জন কুৰ্মী , দুলেন নায়কৰ নামো চৰ্চাত।
বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা লগে লগে প্ৰতিটো ৰাজনৈতিক দলে কোন সমষ্টিত কাক প্ৰাৰ্থিত্ব দিব তাক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে। উজনি অসমৰ কংগ্ৰেছৰ দুৰ্গৰূপে খ্যাত মৰিয়নীত তিনিটা কাল বিধায়ক ৰূপে থকা ৰূপজ্যোতি কুৰ্মীৰ সন্মুখত বিজেপিয়ে কাক প্ৰক্ষেপ কৰে তাক লৈ সমষ্টিটোৰ সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে।
বিগত ২৮ বছৰে মৰিয়নী সমষ্টি আছে কংগ্ৰেছৰ দখলত। ৰূপজ্যোতি কুৰ্মীৰ মাতৃ ৰূপম কুৰ্মীৰ ১৩ বছৰীয়া শাসনৰ পাছত পুুুত্ৰ ৰূপজ্যোতি ১৫ বছৰে বিধায়কৰূপে আছে সমষ্টিটোত। ১৯৮৫ চনত নিৰ্দলীয় প্ৰাৰ্থী ৰূপে বিজয়ী হৈছিল নৰেন তাঁতী, আনহাতে এন চি পি দলৰ প্ৰাৰ্থী হিচাবে ১৮ মাহৰ বাবে বিধায়ক হৈছিল অলক ঘোষ । বৰ্তমান বিজেপিৰ প্ৰাৰ্থীত্বৰ দাবীদাৰ অলক ঘোষে যোৱা নিৰ্বাচনতো বিজেপিৰ পৰা প্ৰাৰ্থী হিচাবে বিচাৰিছিল , কিন্তু বিজেপিয়ে প্ৰত্যাখান কৰাত তৃণমূল কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দিতা কৰি ৰূপজ্যোতি কুৰ্মীৰ হাতত মাত্ৰ ১৭০০ ভোটত পৰাস্ত হৈছিল । এইবাৰ বিজেপিৰ প্ৰাৰ্থিত্ব দাবীদাৰ সকলৰ মাজত শেহতীয়াকৈ চৰ্চাত কামাখ্যা প্ৰসাদ তাছাৰ নাম অহাৰ পিছত সমষ্টিটোৰ দাবীদাৰ সকলৰ মাজত বিশেষ চৰ্চা আৰম্ভ হৈছে।
কিন্তু শেহতীয়াকৈ ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ নাম প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ তালিকাৰ শীৰ্ষত থকা বুলি বিজেপিৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে। মৰিয়নী সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে কেইবামাহ পূৰ্বৰে পৰা সমষ্টিত নিজৰ তৎপৰতা চলাই আহিছিল। কিন্ত সমষ্টিত এভূমুকি নমৰাকৈ ৰাজ্যসভাৰ সাংসদ কামখ্যা প্ৰসাদ তাছাই আঁৰত থাকি যে প্ৰাৰ্থিত্বৰ দৌৰত আছিল সেই কথা ইতিমধ্যে স্পষ্ট হৈ পৰিছে।
সমষ্টি উন্নয়নত সফল নহ’লেও সৰ্বসাধাৰণ ৰাইজৰ কাষত থাকি নিজৰ জনপ্ৰিয়তা অটুট ৰাখিবলৈ সক্ষম হৈছে বিধায়ক ৰূপজ্যোতি কুৰ্মী। বৰ্তমান সময়ত চাহজনগোষ্ঠীৰ ৪৭ হাজাৰ , অনান্য জাতি জনগোষ্ঠীৰ ৫৭ হাজাৰ আৰু ভাষিক জনগোষ্ঠীৰ ১৪ হাজাৰ ভোটাৰ আছে সমষ্টিটোত। কংগ্ৰেছৰ অভেদ্য দূৰ্গস্বৰূপ মৰিয়নি সমষ্টিত পাঁচবাৰকৈ নিৰ্বাচন খেলি নূন্যতম ব্যবধানত কংগ্ৰেছৰ বিৰুদ্ধে পৰাস্ত হৈ অহা অলক ঘোষৰ বিপৰীতে বিজেপিৰ এক সুত্ৰই দিয়া তথ্য মতে কামাখ্যা প্ৰসাদ তাছাক প্ৰাৰ্থিত্ব দিবলৈ ওলোৱা সিদ্ধান্ত কিমান সাৰ্থক হ’ব সেয়াহে লক্ষ্যণীয় হ’ব ।