নিউজ ডেস্ক: প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শেষ হোৱাৰ লগে লগে সুৰ সলালে বদৰুদ্দিন আজমলে। মহাজোঁটৰ চৰকাৰ আজমলৰ মতেই চলিব বুলি হুংকাৰ। মন্ত্ৰীও হ’ব আজমলৰ মতে। বাঘবৰত আজমল ঘোষণা মহাজোঁটৰ তলাচাবি তেওঁৰ হাতত আছে তেও যি বিচাৰে তাকেই কৰিব লাগিব মহাজোঁটৰ হবলগীয়া চৰকাৰে । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈকে বিতৰ্কিত মন্তব্য কৰাৰ পৰা আতৰত থকা আজমলৰ সলনি হ’ল ৰূপ।
মাদ্ৰাছা সম্পৰ্কে বদৰুদ্দিন আজমলে ক’লে বন্ধ হোৱা মাদ্ৰাছা তেও খুলিবই, ইয়াৰ বাবে প্ৰয়োজন হ’লে তেও উচ্চতম ন্যায়ালয়লৈ যাব । এন আৰ চি আৰু ডি ভোটাৰৰ ক্ষেত্ৰত থকা সমস্যাও সমাধান কৰিব বুলি নিৰ্বাচনী সভাত মন্তব্য কৰে । কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটে আজিলৈকে ছপা কৰাৰ পিছতো মহাজোঁটৰ ঘোষণা পত্ৰ খন উলিয়াব নোৱাৰিলে, তদুপৰি এআইইউডিএফৰ ফালৰ পৰাও নিৰ্বাচনী ইস্তেহাৰ মুকলি নকৰিলে । দ্বিতীয় আৰু তৃতীয় পৰ্যায়ত হ’বলগীয়া নিৰ্বাচনত এআইইউডিএফৰ শক্তিশালী ভেটি থকাৰ বাবেই কংগ্ৰেছৰ ফালৰ পৰাও আজমলৰ মন্তব্যক লৈ মন্তব্যৰ পৰা নিজকে আতৰাই ৰাখিছে ।