বিজেপি কৰ্মীক লগত লৈ বঢ়মপুৰত জিতু গোস্বামীৰ চাইকেল ৰেলী

কামপুৰ: ৰাজ্যত তুংগত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ ৷ যিয়ে যেনেকৈ পাৰে বিভিন্ন কৌশলৰে ভোটাৰৰ মন জয় কৰাৰ চেষ্টা কৰিছে ৷ অগপৰ দূৰ্গ বঢ়মপুৰত টিকট লাভ কৰি বিজেপি প্ৰাৰ্থী জিতু গোস্বামীয়ে হিমন্ত বিশ্বক অনুসৰণ কৰি পঞ্চায়তে পঞ্চায়তে উলিয়াইছে চাইকেল ৰেলী । সমৰ্থকৰ অভাৱত অষ্টম নৱম শ্ৰেণীৰ ছাত্ৰকো দেখা গ’ল চাইকেল ৰেলীত অংশ লোৱাৰ । বিগত বিধান সভা নিৰ্বাচনত চামগুৰি সমষ্টিৰ পৰা পৰাজিত হৈ এইবাৰ বঢ়মপুৰ সমষ্টিৰ পৰা নিৰ্বাচনত অংশ লৈছে জিতু গোস্বামীয়ে ।

পৰিবৰ্তন, উন্নয়নৰ গীত পৰিবেশন কৰি কম সংখ্যক বিজেপি কৰ্মীৰ সহযোগত দেৱনাৰিকলি আৰু নিজকামপুৰ পঞ্চায়তত বাহিৰ কৰিলে চাইকেল ৰেলী । কামপুৰৰ বিভিন্ন স্থানত জিতু গোস্বামীয়ে চাইকেল চলায় ভোটাৰৰ মন জয় কৰিবলৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা চাইকেল ৰেলীত অংশ গ্ৰহণ কৰিলে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱা অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰই । বিগত ৩৫ বছৰে বিধায়ক হৈ থকা প্ৰফুল্ল কুমাৰ মহন্তৰ বঢ়মপুৰ সমষ্টিত জিতু গোস্বামীয়ে কেনেদৰে বৈতৰনী পাৰ কৰে সেইয়া নিৰ্বাচনৰ ফলাফলতে স্পষ্ট হব ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply