গৌৰব গগৈ
উত্তৰ কৰিমগঞ্জ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী কমলাক্ষ্য দে পুৰকায়স্থৰ হৈ নিৰ্বাচনী প্ৰচাৰ সাংসদ গৌৰব গগৈৰ

কৰিমগঞ্জ : “উজনি অসমত আমি ঘৰ বনালো, ইয়াত মাত্ৰ আপোনালোকে ফিনিচিং দিয়ক” । দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম সময়ত বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ হৈ উত্তৰ কৰিমগঞ্জত প্ৰচাৰ চলাই এইদৰে কয় সাংসদ গৌৰব গগৈয়ে। প্ৰচাৰ সভাত অংশ লৈ গৌৰব গগৈয়ে কলে “বিজেপিয়ে এটা হাতত দিছে ৮৩০ টকা আৰু আনফালে গেছৰ দাম ৯০০ টকা কৰি আপোনালোকৰ পৰা লুটিছে । চৰকাৰ খনে মিঠাতেলৰ দাম , পেট্ৰ’লৰ দাম দিনক দিনে বঢ়াই গৈছে আৰু ৰাইজৰ ওপৰত লুন্ঠন চলাই গৈছে । এতিয়া ৰাইজৰ হাতত টকা নাই।” সাংসদ গৌৰব গগৈয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সম্পৰ্কে কয়, ‘তেওক এতিয়া মুখ্যমন্ত্ৰীৰ পদ লাগে। এই কাৰণতে আৰএছএছ আৰু পুৰণি বিজেপি কৰ্মীক বিজেপিৰ টিকট দিয়া নাই। হিমন্ত বিশ্ব শৰ্মা নিজৰ স্বাৰ্থ লৈ কাম কৰিছে।’

সাংসদ গৌৰব গগৈয়ে আৰু কয়, হিমন্ত বিশ্ব শৰ্মাই চাইকেলৰ পেডেল মাৰি মুখ্যমন্ত্ৰী হম বুলি ভাবিছে ,সেইটো এইবাৰ সম্ভব ন’হব । বিজেপিৰ কথা উল্লেখ কৰি সাংসদ জনে মন্তব্য কৰে, ” নিৰ্বাচনৰ আগত মই বিজেপিক কৈছিলো হিমন্ত বিশ্ব শৰ্মাক আপোনালোকে এদিনৰ বাবে মুখ্যমন্ত্ৰী পাতি দিয়ক, আপোনালোক শান্তিত থাকিব, মোৰ কথা নুসুনিলে সেইবাবে এতিয়া ভুগিব লাগিব “। গ্ৰেড-৩ আৰু গ্ৰেড-৪ৰ চৰকাৰী চাকৰিৰ ক্ষেত্ৰত বঙালীসকলক বঞ্চিত কৰা সম্পৰ্কে গৌৰব গগৈয়ে কয় , চৰকাৰে বঙালীসকলক মাহী আইৰ দৃষ্টিৰে চাইছে আমাৰ চৰকাৰ আহিলে সকলো ঠিক হৈ যাব বুলি আশ্বাস দিয়ে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply