নিউজ ডেস্ক: কাইলৈ বিয়লী অন্ত পৰিব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ ৷ মুঠ ৪৭ টা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম মুহূৰ্তত আজি পুনৰ নিৰ্বাচনী প্ৰচাৰলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী ৷ প্রধানমন্ত্রীগৰাকীয়ে আজি বিহপুৰীয়া আৰু ছিপাঝাৰত অনুষ্ঠিত হ’ব লগা দুখন নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰিব৷ ছিপাঝাৰত অনুষ্ঠিত হ’বলগীয়া সভাত প্রধানমন্ত্রীগৰাকীক্ সংগ দিব কেন্দ্রীয় কৃষি মন্ত্রী নৰেন্দ্র সিং টোমৰে৷
আনহাতে, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে যোৰহাট আৰু শিৱসাগৰত নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰিব৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে সৰুপথাৰ, দেৰগাঁও আৰু মাজুলীত নির্বাচনী প্রচাৰ সভাত উপস্থিত থকাৰ উপৰি বিহপুৰীয়াৰ নির্বাচনী সভাত প্রধানমন্ত্রীৰ সৈতে উপস্থিত থাকিব৷ ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই পুৱাৰে পৰা আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ ৷ কলিয়াবৰ, চাবুৱা, গোলাঘাট, লাহোৱাল, দুলীয়াজানৰ পিছত সন্ধিয়া নাহৰকটীয়াত পদযাত্ৰা কৰিব ৷