ৰেনুপমা ৰাজখোৱাৰ সমৰ্থনত টীয়ক সমষ্টিত প্ৰচাৰত সাংসদ তপন কুমাৰ গগৈ

স্মৃতি ৰেখা লাহন, টীয়ক: ১০২ নং টীয়কৰ নিৰ্বাচনী সভাত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলালে সাংসদ তপন গগৈয়ে নিৰ্বাচনৰ দিন চমু চামি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা অধিক বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।টীয়কতো শুকুৰবাৰে মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰেণুপমা ৰাজখোৱাৰ হৈ প্ৰচাৰ চলাবলৈ সমষ্টিত উপস্থিত হয় যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ।

সমষ্টিৰ মধ্যস্থল কাকজান কৃষ্টি কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আয়োজিত সভাত মিত্ৰতাক অধিক শক্তিশালী কৰি বিজেপিৰ ১০০+ ৰ অংশ স্বৰূপে টীয়ক সমষ্টিটোৰ পৰা মিত্ৰদল অগপৰ প্ৰাৰ্থী ৰেনুপমা ৰাজখোৱাক নিৰ্বাচন কৰি দেশৰ প্ৰগতি অক্ষুন্ন ৰাখিবলৈ ভোটাৰ ৰাইজক আহ্বান জনাই সাংসদগৰাকীয়ে।লগতে চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনি সফল ৰূপায়ণৰ বাবে বিজেপি চৰকাৰ গঠনত সহযোগিতা বিচাৰে।

উল্লেখযোগ্য যে উক্ত নিৰ্বাচনী সভাত অগপ দলৰ নেতা পালিনেতাৰ সমান্তৰালকৈ বিজেপি দলৰ বহুসংখ্যক ৰাজ্যিক,জিলা তথা সমষ্টিৰ বিষয়ববীয়া উপস্থিত থাকি আগন্তুক নিৰ্বাচনত জয়ী হ’বলৈ ন ন ৰণ কৌশল প্ৰস্তুতৰ বাবে দুইটা দলৰ কৰ্মকৰ্তাক লৈ এখনি সমষ্টি ভিত্তিক নিৰ্বাচনী সমিতি গঠন কৰি প্ৰাৰ্থীগৰাকীক বিপুল ভোটত জয়যুক্ত কৰাবলৈ আহ্বান জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply