নিউজ ডেস্ক: আজি ঘোষণা কৰা হ’ব মণিপুৰকে ধৰি পাঁচখন ৰাজ্যত অনুষ্ঠিত বিধানসভা নিৰ্বাচনৰ ফলাফল। যোৱা ১০ ফেব্ৰুৱাৰীৰ পৰা ৭ মাৰ্চলৈকে মণিপুৰ, উত্তৰ প্ৰদেশ, পঞ্জাব, উত্তৰাখণ্ড আৰু গোৱাত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল।

পাঁচখন ৰাজ্যতে পুৱা ৮ বজাৰ পৰা ভোট গণনা আৰম্ভ হ’ব। নিৰ্বাচন আয়োগৰ বিভাগীয় ৱেবছাইটত ৮ বজাৰ পৰা ভোটগণনাৰ ট্ৰেণ্ড আৰম্ভ হ’ব।

প্ৰথম সময়ছোৱাত বেলট ভোটসমূহৰ গণনা আৰম্ভ হ’ব, বেলট ভোটৰ গণনা শেষ হোৱাৰ পিছতে ই ভি এম কাউণ্টিং আৰম্ভ হ’ব। আজি নিশাৰ ভিতৰতে ঘোষণা হ’ব আটাইকেইখন ৰাজ্যৰ ফলাফল।

উল্লেখযোগ্য যে আজি ভোটগণনা হ’বলগীয়া পাঁচখন ৰাজ্যৰ চাৰিখনতে বিজেপিৰ চৰকাৰ শাসনত থকাৰ বিপৰীতে পঞ্জাবত চৰণজিৎ সিং চান্নিৰ নেতৃত্বত কংগ্ৰেছৰ চৰকাৰ শাসনত আছে।

দুটা পৰ্য্যয়ত নিৰ্বাচন অনুষ্ঠিত হোৱা উত্তৰ-পূবৰ একমান্ত্ৰ ৰাজ্য চুবুৰীয়া মণিপুৰতো ফলাফল ঘোষণাক লৈ ৰাজনৈতিক দলসমূহৰ মাজত যথেষ্ট উৎকণ্ঠা দেখিবলৈ পোৱা গৈছে। বিভিন্ন exit poll-ৰ সমীক্ষাত প্ৰকাশ পোৱা মতে এন বিৰেন সিং নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰে পুনৰ চৰকাৰ গঠন কৰিব।

বেছিভাগ exit poll-ৰ মতে ৬০খন বিধানসভা আসন থকা মণিপুৰত বিজেপিয়ে ৩০ৰ পৰা ৪৩ খনৰ ভিতৰত আসন দখল কৰিবলৈ সক্ষম হ’ব।

ভোট গণনা আৰম্ভ হোৱা সময়ৰ পৰা ফলাফলৰ শেহতীয়া আপডেটৰ বাবে ইষ্টম’জ’ আৰু ইষ্টম’জ’ অসমৰ ৱেবছাইট তথা সামাজিক মাধ্যম চাব পাৰে।

লগতে পঢ়ক – ব্যাপক মূল্যবৃদ্ধি ঘটিছে খাৰুৱা তেলৰ, ভাৰতত পেট্ৰ’লৰ মূল্যই ১৫০ টকা অতিক্ৰম কৰিব!

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply