গুৱাহাটী : আজি পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে অসম বিধানসভা নিৰ্বাচনৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া। বৰ্তমানলৈকে ভোট গ্ৰহণ প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে চলি আছে যদিও বহু ঠাইৰ পৰা আহিছে ই ভি এম বিসংগতি হোৱাৰ খবৰ। কামৰূপ মহানগৰ জিলাৰ দিছপুৰ সমষ্টিৰ পৰাও ই ভি এম বিসংগতিৰ খবৰ পোৱা গৈছে।

দিছপুৰ সমষ্টিৰ সোণাপুৰত কেইবাটাও ভোট গ্ৰহণ কেন্দ্ৰত ই ভি এম বিসংগতি হোৱাৰ খবৰ পোৱা গৈছে। সোণাপুৰৰ নৰতাপৰ ৩৩১ নং নৰতাপ এল পি স্কুলৰ সোঁশাখাত ই ভি এম বিকল হোৱা বুলি জানিব পৰা গৈছে। নৰতাপ এল পি স্কুলৰ লগতে ডিগাৰুৰ চেনিমুৰ এল পি স্কুলতো ই ভি এম বিসংগতি হৈছে।

নৰতাপ আৰু ডিগৰুৰ লগতে সোণাপুৰৰ কেইবাটাও ভোট গ্ৰহণ কেন্দ্ৰত ই ভি এম বিকল হোৱাত ভোট কেন্দ্ৰ সমূহত পলমকৈ ভোট গ্ৰহণ অনুষ্ঠিত হোৱাত অতিষ্ঠ হৈ পৰে। ইফালে দুপৰীয়া ১ বজালৈ কামৰূপ মহানগৰ জিলাৰ জালুকবাৰী সমষ্টিত ৫১ শতাংশ, দিছপুৰ সমষ্টিত ৪৫ শতাংশ, পূব গুৱাহাটী সমষ্টিত ৪২ শতাংশ আৰু পশ্চিম গুৱাহাটী সমষ্টিত ৪৯ শতাংশ ভোট গ্ৰহণ হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply