নিউজ ডেস্ক:
গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন অঞ্চলত EVM জালিয়াতিৰ অভিযোগ তুলিছে ৰাজনৈতিক দলসমূহে । গুৱাহাটীত সংবাদমেল পাতি বিস্ফোৰক তথ্য দিলে কংগ্ৰেছ, অসম জাতীয় পৰিষদে। বিভিন্ন স্থানত EVMকেন্দ্ৰিক সংঘাত হোৱাৰ লগতে আৰক্ষীয়ে লাঠীচাৰ্জৰ দৰে ঘটনা সংঘটিত কৰিছিল।
কৰিমগঞ্জৰ বিধায়ক কৃষ্ণেন্দু পালৰ পত্নীৰ গাড়ীত EVM উদ্ধাৰৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে CIDয়ে ।
EVM উদ্ধাৰৰ পিছত গাড়ী ভঙা ৰহস্যও উদ্ঘাটন কৰিব CIDৰ দলটোৱে ।
পোনতে EVM উদ্ধাৰৰ ঘটনাটো ষড়যন্ত্ৰমূলক বুলি প্ৰচাৰ কৰা হৈছিল
বুধবাৰে CIDৰ এটা দল তদন্তৰ বাবে উপস্থিত হয় কৰিমগঞ্জত ।