যোৱা ৬ এপ্ৰিলত অসমত বিধানসভা নিৰ্বাচনৰ ভোটদানৰ অন্ত পৰিল। প্ৰতিটো দলৰ মতে তেওঁলোকৰ মিত্ৰজোঁটে ২ মে’ত চৰকাৰ গঠন কৰিব। নিৰ্বাচনৰ সামগ্ৰিক ছবিখন বুজিবৰ বাবে Eastmojoৰ ফালৰ পৰা শীৰ্ষ কংগ্ৰেছ নেত্ৰী, প্ৰাক্তন সাংসদ তথা মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেবক এক আছুতীয়া সাক্ষাৎকাৰৰ বাবে লগ ধৰা হয়। ৰাজনৈতিক বিশ্লেষক বিশাল পালৰ সৈতে হোৱা এই সাক্ষাৎকাৰত তেওঁ বৰাক উপত্যকাত কংগ্ৰেছ দলৰ ৰণকৌশল, ‘কা’ সন্দৰ্ভত থকা স্থিতিকে ধৰি বিভিন্ন বিষয়ত মন্তব্য কৰে।
এইবাৰ কংগ্ৰেছ নেতৃত্বই উজনি অসমত অধিক গুৰুত্ব দিয়াৰ ফলত বৰাক উপত্যকাত আপুনি অকলেই যুদ্ধৰ ভাৰ কান্ধ পাতি ল’বলগীয়া হোৱা বুলি ভাৱে নেকি?
মূঠেই নহয়। সদায়ে এই নীতি গ্ৰহণ কৰি অহা হৈছে। আৰু যদিহে এটা দলে জিকিব খোজে তেওঁলোকে প্ৰত্যাহ্বানমূলক আসন বিলাকত গুৰুত্ব দিবই লাগিব। বৰাক উপত্যকাত মোৰ হাতত ১৫খন আসন আছে, গতিকে মই অকলে চৰকাৰ বনাব নোৱাৰো, মই ইয়াত বিজেপিক বাধা দিব লাগিব। মই ভাবো দলটোক সন্মুখৰ পৰা নেতৃত্ব দিবৰ বাবে এইটো মোৰ বাবে এটা ডাঙৰ সুযোগ।
তেন্তে এইবাৰৰ নিৰ্বাচনত আপোনালোকৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান কি আছিল বুলি ভাৱে?
এইটো নিৰ্বাচনত আমাৰ আটাইটকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল বিজেপিৰ ওচৰত থকা অগাধ ধলবল আৰু তেওঁলোকে কৰিব পৰা ক্ষমতাৰ অপব্যৱহাৰ। মূলত সেইটোৱে আটাইটকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল। কেন্দ্ৰ আৰু ৰাজ্য দুয়োটাতেই তেওঁলোকৰ চৰকাৰ, আনহাতে আমি হৈছো বিৰোধী পক্ষ। তেওঁলোকৰ দৰে আমাৰ ধনবল বা তেনে কোনো ক্ষমতা নাই। তেওঁলোকে অসমত চিণ্ডিকেট চলাই আছে। গতিকে আমি এখন কঠিন যুঁজ দিব লগীয়া হৈছিল।
আৰম্ভণিতে, এ আই ইউ ডি এফৰ সৈতে বৰাক উপত্যকাত কৰা আসন ভাগ-বটোৱাৰাক লৈ আপুনি সুখী নাছিল বাতৰি ওলাইছিল। এটা দলে নিজৰ ভেটিটোক ধৰি ৰখাটো কিমান দৰকাৰী, বিশেষকৈ সমভাবাপন্ন দলৰ সৈতে হোৱা মিত্ৰতাৰ ক্ষেত্ৰত?
এইটো সাধাৰণ কথা। মিত্ৰতা হ’বলৈ এটা ভিত্তি থাকিব লাগিব। ইয়াত লাভ আৰু লোকচান দুয়োটা দিশেই সোমায় থাকে। মিত্ৰজোঁটৰ ক্ষেত্ৰত এৰা-ধৰা থকাটো এটা স্বাভাৱিক কথা, এইটো মিত্ৰজোঁটৰ ক্ষেত্ৰটো সেয়া প্ৰযোজ্য।
এইটো আপুনি তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰিলে, ২০১৯ চনৰ নিৰ্বাচনত কোনো মিত্ৰতা নাছিল যদিও এ আই ইউ ডি এফে আপোনাৰ বিৰুদ্ধে প্ৰাৰ্থী থিয় কৰোৱা নাছিল। এতিয়া আপুনি ভাৱে নেকি যে সেই সিদ্ধান্তই আপোনাৰ ক্ষতি কৰিলে?
প্ৰত্যেকটো নিৰ্বাচনেই পৃথক। মিত্ৰজোঁটত থকা মানেই এইটো নুবুজাই যে আপুনি জয়লাভ কৰিব। এইয়া এক ৰণনীতিগত সিদ্ধান্ত। ২০১৯ চনত এ আই এউ ডি এফে মোৰ বিৰুদ্ধে প্ৰাৰ্থী থিয় কৰোৱা নাছিল হয় পিছে সংখ্যালঘু ভোটাৰৰো এটা অংশ আছে যি কংগ্ৰেছ দলক ভাল নাপায়। ক’ত যাব সেইটো তেওঁলোকে নাজানে। গতিকে ইয়াত বিভিন্ন কাৰকে কাম কৰে।
সেই পৰিপেক্ষিতত আপুনি নাভাবে নেকি যে আপুনি বা দলৰ কোনো জ্যেষ্ঠ নেতা নিৰ্বাচনত অৱতীৰ্ণ হোৱা হেতেন অধিক আসন লাভ কৰিব পৰা গ’ল হয়?
মই গোটেই ৰাজ্যৰ কথা ক’ব নোৱাৰিম, কিন্তু বৰাক উপত্যকাৰ ক্ষেত্ৰত এক প্ৰজন্মগত পৰিৱৰ্তন দেখা যায়। আমাৰ প্ৰায়বিলাক প্ৰাৰ্থীয়ে ৩০ৰ পৰা ৪০ বছৰ বয়সৰ আৰু তেওঁলোকে প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। গতিকে মই নিৰ্বাচন খেলা হেতেন তেওঁলোকৰ হৈ কোনে চোৱাচিতা কৰিল হয়? তেতিয়া মোৰ লগত মোৰ সকলো কৰ্মী, মোৰ মনোযোগ, মোৰ শক্তি আৰু সম্পদ এটা সমষ্টিতে নিবদ্ধ থাকিল হয়। ইয়াৰ পৰিৱৰ্তে এতিয়া মই ১৫ টা সমষ্টিৰ ভিতৰত আমাৰ প্ৰাৰ্থীসকল অৱতীৰ্ণ হোৱা ১০টা সমষ্টিতে চোৱাচিতা কৰিব পাৰিছো। মই ভাবো ইয়াৰ ফলত মই নিজে নিৰ্বাচনত অৱতীৰ্ণ হোৱাতকৈ দলৰ অধিক লাভ হৈছে।
বৰাক উপত্যকাত এইবাৰ নিৰ্বাচনত যুৱ প্ৰাৰ্থীক প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ অন্তৰালত কি ধৰণৰ ৰণনীতি আছিল?
এইবাৰ আমি কেৱল জিকাৰ সম্ভাৱনা চাইহে প্ৰাৰ্থীক টিকেট দিছো। আমাৰ বাবে এইয়া এক মৰণপণ যুঁজ। আমি যদি এইবাৰ ক্ষমতাত নাহো আমাৰ দলীয় কৰ্মীসকলৰ মনোবল একেবাৰে ভাঙি পৰিব। কিছুমান পৰিস্থিতিত আপুনি দলক নিজতকৈ ওপৰত ৰাখিব লাগিব। সদায় কেৱল মইভাব লৈ থাকিলে নহ’ব। ফলাফল কি হয় সেইটোহে আচল কথা আৰু মই ভাৱো এইবাৰ আমিয়ে চৰকাৰ গঠন কৰিম।
যিহেতু আপুনি চৰকাৰ গঠন কৰিব বুলি নিশ্চিত, এক ব্যাপক ‘কা’ বিৰোধী অৱস্থান গ্ৰহণ কৰি নিৰ্বাচনী যুঁজত নমাটো আপোনাৰ পক্ষে কিমান প্ৰত্যাহ্বানমূলক আছিল?
‘কা’খন যে এখন সংবিধান বিৰোধী আইন সেই কথা মই নিজে জিতেন্দ্ৰ সিঙক কৈছো। গতিকে কংগ্ৰেছ দলে কোনোধৰণৰ সংবিধানিক বিৰোধী আইনৰ পক্ষত থিয় হোৱাৰ কথায়ে আহিব নোৱাৰে। কিন্তু মই তেওঁক দেশৰ সংবিধানৰ আওতাৰ ভিতৰতে আমাক এক সমাধান দিবলৈ অনুৰোধ জনাইছিলো। যোৱা ২১ ফেব্ৰুৱাৰিত মুকুল ৱাচনিকৰ সৈতে তেওঁ ২০১৪ চনৰ ভোটাৰ তালিকাত নাম থকা সকলক নাগৰিক হিচাপে গণ্য কৰা হ’ব বুলি কৈছিল। মোৰ বোধেৰে তেওঁলোকে আগবঢ়োৱা এই সমাধান গ্ৰহণযোগ্য। মই ভাবো যে আপুনি যদি বঙালীসকলক কয় যে তেওঁলোকৰ নাম ভোটাৰ তালিকাত আছে তথা তেওঁলোকো দেশৰ নাগৰিক হয় তেওঁলোকে নিশ্চয় ভাল পাব। মই এই কথা বুজি নাপাও যে কিয় মানুহবিলকে বঙালীসকলে সংবিধানৰ বিৰোধিতা কৰে বুলি ভাবে। তেওঁলোকে সংবিধানৰ আওতাৰ ভিতৰতে এক সমাধান বিচাৰে আৰু কংগ্ৰেছ দলে সেইটোৱে কৰিছে। মই কোৱা নাই যে ‘কা’খন বলৱৎ কৰিব লাগে। মই এইটোহে কৈছো যে এন আৰ চিত নাম নোসোমোৱা মানুহবিলাকৰ বাবে সংবিধানৰ নিয়ম অনুসৰি এটা সমাধানৰ বাট থাকিব লাগে।
আপোনাৰ হিচাপত বৰাক উপত্যকাত মহাজোঁটে কিমানখন আসন পাব বুলি আপুনি ভাবে? বৰাক উপত্যকাত মহজোঁটে কমেও ১১ৰ পৰা ১২খন আসন লাভ কৰিব। বিজেপি ৩খনৰ তলত আসন পাব।