নিউজ ডেস্ক: আজি অন্ত পৰিব ৫খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। যোৱা ১০ ফেব্ৰুৱাৰীৰ পৰা পাঁচখন ৰাজ্য ক্ৰমে উত্তৰ-প্ৰদেশ, পঞ্জাব, মণিপুৰ, গোৱা আৰু উত্তৰাখণ্ডত আৰম্ভ হোৱা নিৰ্বাচনৰ আজি উত্তৰ-প্ৰদেশত অন্তিম পৰ্য্যায়ৰ ভোটগ্ৰহণ চলি আছে।

উত্তৰ-পূব একমাত্ৰ ৰাজ্য মণিপুৰকে ধৰি বাকী চাৰিখন ৰাজ্যত ইতিমধ্যে ভোটগ্ৰহণ প্ৰক্ৰিয়া অন্ত পৰিছে। মণিপুৰত দুটা পৰ্য্যায়ত ভোটদান অনুষ্ঠিত হোৱাৰ বিপৰীতে পঞ্জাব, উত্তৰাখণ্ড আৰু গোৱাত ১টা পৰ্য্যায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল।

আজি সন্ধিয়া ৬ বজাত উত্তৰ-প্ৰদেশত চলি থকা সপ্তম তথা অন্তিম পৰ্য্যায়ৰ ভোটগ্ৰহণ অন্তু পৰাৰ পিছতে আজি নিশাৰ পৰা exit pollত সকলোৰে দৃষ্টি থাকিব। বিশেষকৈ আটাইতকৈ বেছি আসন থকা ৰাজ্য উত্তৰ-প্ৰদেশৰ ৰাজনীতিক লৈ সকলোৰে মাজত যথেষ্ট আগ্ৰহ দেখা গৈছে।

ভাৰতৰ নিৰ্বাচন আয়োগৰ নিয়ম অনুসৰি নিৰ্বাচন অনুষ্ঠিত সকলো ৰাজ্যত ভোটগ্ৰহণ সম্পূৰ্ণ হোৱাৰ পিছতহে exit pollৰ ফলাফল প্ৰকাশ কৰা হয়। সেই অনুসৰি আজি ৬.৩০ বজাৰ পিছৰ পৰা exit pollৰ ফলাফল ওলোৱা আৰম্ভ হ’ব।

বিভিন্ন নিউজ চেনেলত সম্প্ৰচাৰ কৰা হ’ব exit pollৰ ফলাফল। ইউটিউবৰ জৰিয়তেও নিউজ চেনেলসমূহৰ লাইভ ষ্ট্ৰিমিঙত এইয়া চাব পৰা যাব। exit pollৰ ফলাফল প্ৰকাশ কৰা কেইটামান আগশাৰীৰ ৰাষ্ট্ৰীয় নিউজ চেনেল হৈছে – ABP Network, Times Now, India Today, Aaj Tak, Zee News, TV9 Bharatvarsh আদি।

লগতে পঢ়ক – ১২৫০০ ফুট উচ্চতাত আইটিবিপি জোৱানে উদ্ধাৰ কৰিলে বাঘ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply