যোৰহাট- যোৰহাট জিলাৰ পাঁচ টা সমষ্টিৰ পৰা এইবাৰ বিধানসভা নিৰ্বাচনত মুঠ ২০ জন প্ৰাৰ্থী য়ে প্ৰতিদ্বন্দিতা কৰিব। ২০ জন প্ৰাৰ্থীৰ বিপৰীতে যোৰহাট জিলাৰ পাঁচটা সমষ্টি ধৰি মুঠ ভোটাৰৰ সংখ্যা হৈছে ৭,৫৬,৮৫৬। ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে ক্ৰমে ৩,৭৬,৮৬৫ আৰু ৩,৭৯,৯৯১ গৰাকী। ৰাইজৰ দলৰ সমৰ্থিত প্ৰাৰ্থীসকলে এইবাৰ গেছ চিলিন্ডাৰ চিহ্নত নিৰ্বাচনত অংশ ল’ব।
আজি মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাৰ অন্তিম দিনা লৈকে চূড়ান্ত হোৱা প্ৰাৰ্থীৰ তালিকা অনুসৰি ৯৭ নং দেৰগাঁও সমষ্টিৰ প্ৰাৰ্থী হৈছে বাণী হাজৰিকা (কংগ্ৰেছ), ভবেন্দ্ৰ নাথ ভৰালী (অসম গণ পৰিষদ), আনন্দ দাস (অসম জাতীয় পৰিসদ) আৰু প্ৰবীণ দাস (নিৰ্দলীয়)।
৯৮ নং যোৰহাট সমষ্টিৰ প্ৰাৰ্থী সকল হৈছে ৰাণা গোস্বামী (কংগ্ৰেছ), হিতেন্দ্ৰ নাথ গোস্বামী (বিজেপি), নিৰুদ চাংকাকতী (অসম জাতীয় পৰিসদ) আৰু ৰঞ্জিত বৰুৱা (নিৰ্দলীয়)। ১০০ নং তিতাবৰ সমষ্টিৰ প্ৰাৰ্থী সকল হৈছে ভাস্কৰ বৰুৱা (কংগ্ৰেছ), হেমন্ত কলিতা (বিজেপি), শৈলেন্দ্ৰ হাজৰিকা (অসম জাতীয় পৰিষদ) আৰু দিলীপ গগৈ (নিৰ্দলীয়)।
আনহাতে ১০১ নং মৰিয়নি সমষ্টিৰ প্ৰাৰ্থী সকল হৈছে ৰূপজ্যোতি কুৰ্মী(কংগ্ৰেছ), ৰমণী তাঁতী(বিজেপি), গোপাল চন্দ্ৰ ঘটোৱাৰ (অসম সংগ্ৰামী মঞ্চ)। উল্লেখযোগ্য যে মৰিয়নি সমষ্টিৰ পৰা কৃষক নেতা অখিল গগৈয়ে প্ৰতিদ্বন্দিতা কৰাৰ কথা আছিল যদিও আজি মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনা তেওঁৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে।
১০২ নং টীয়ক সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব লগীয়া প্ৰাৰ্থী সকল হৈছে পল্লৱী গগৈ (কংগ্ৰেছ), ৰেণুপমা ৰাজখোৱা (অসম গণ পৰিষদ), ৰুবি নেওগ (এল জে পি) আৰু শ্ৰীমন্ত কুমাৰ দত্ত (নিৰ্দলীয়)। আজি যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত হোৱা এক সংবাদমেলত এই সম্পৰ্কে উল্লেখ কৰে জিলা উপায়ুক্ত ৰশ্নি অপৰঞ্জী কৰাতিয়ে।
ভোট গ্ৰহণৰ লগত জড়িত থকা ব্যক্তি সকলৰ ইতিমধ্যে কভিড ভেকচিন দিয়া হৈছে । ৩০০০ হাজাৰতকৈ অধিক পোষ্টেল বেলটৰ বাবে আবেদন পোৱা হৈছে আৰু ৬ দিনৰ ভিতৰত ইয়াক সম্পূৰ্ণ কৰিব ।সংবাদ মেলত উপস্থিত থাকে যোৰহাটৰ আৰক্ষী অধীক্ষক মৃনাল তালুকদাৰ ।