নিউজ ডেস্ক: বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদানত অংশ ললে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ৰ ভোট দান কৰে। মুখ্যমন্ত্ৰীয়ে নিজ ভোটাধিকাৰ সাব্যস্ত কৰাৰ পিছত সাংবাদিকৰ আগত কয়- “আমি ১০০ তকৈও অধিক আসন পাম।” ভোটদানৰ হোৱাৰ আগতে সোণোৱালে ডিব্ৰুগড়ৰ বগা বাবা মাজাৰতো প্ৰাৰ্থনা জনাই ।প্ৰথম ৫ ঘন্টাত ৩৩.৭৫ শতাংশ ভোটদান হোৱাৰ খবৰ ।
মন্ত্ৰী অতুলবৰাই বোকাখাতৰ ৮৪ নং প্ৰাথমিক বিদ্যালয়ত পৰিয়ালবৰ্গৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰে। সমূহ জনগণক বিপুল হাৰত ভোটদান কৰিবলৈ আহ্বান জনাই মন্ত্ৰী গৰাকীয়ে ।
মন্ত্ৰী গৰাকীৰ সৈতে কন্যা পূৰ্বাশা বৰাই পোনপ্ৰথমবাৰৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে পিতৃৰ সৈতে আহে।
৮৪ নং বটদ্ৰৱা বিধান সভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী আঙুৰলতা ডেকাৰ ভোটদান । ১৪৯ নং কপাহেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত পুৱাই শাৰী পাতি ভোটদান কৰে আঙুৰলতাই । ভোটদান কৰি প্ৰবল আত্মবিশ্বাসী আঙুৰলতা ডেকা । ২০১৬ তকৈ অধিক ভাল ফলাফল হব বুলি মন্তব্য কৰে আঙুৰলতাই ।
বিহপুৰীয়াৰ কংগ্ৰেছ প্ৰাৰ্থী ভূপেন বৰাই সপত্নীক দেওতোলা মাধ্যমিক বিদ্যালয় ভোটকেন্দ্ৰত পুৱাতেই ভোটদান কৰে ।ভোটদান কৰি ভূপেন বৰাই বিজেপিৰ সমালোচনাত সোচ্ছাৰ হ’ল। বিহপুৰীয়াত ৰাইজে এইবাৰ বিজেপিক উৎখাত কৰি বিপুল ভোটত কংগ্ৰেছক জয়যুক্ত কৰিব বুলি আশা ব্যক্ত কৰে কংগ্ৰেছৰ নেতা গৰাকীয়ে।
খুমটাই সমষ্টিত বিজেপি প্ৰাৰ্থী মৃনাল শইকীয়াই পত্নীসহ মেলামৰা হাইস্কুলত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে।ভোটদান কৰি খুমটাইৰ বিধায়ক মৃনাল শইকীয়াই খুমটাইবাসীক নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায়।
৪ নং বালক নাওবৈচা প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত ভোটদান সাব্যস্ত কৰে নাওবৈচা সমষ্টিৰ অগপ প্ৰাৰ্থী জয়ন্ত খাউন্ডে। ভোটদান কৰি এখন সুৰক্ষিত আৰু বিকশিত নাওবৈচাৰ বাবে ৰাইজক ১০০% ভোটদান সুনিশ্চিত কৰিবলৈ আহ্বান জনাইছে৷ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি এখন শক্তিশালী আৰু সুস্থিৰ চৰকাৰ গঠনত সহায় কৰিবলৈ আহ্বান জনাই ।
ধেমাজি বিধানসভা সমষ্টিৰ অন্তৰ্গত ৬৪ নং ভোট কেন্দ্ৰ, পশ্চিম গোগামুখ মধ্য ইংৰাজী বিদ্যালয়ত ভোটাধিকাৰ সাব্যস্ত কৰে বিজেপি প্ৰাৰ্থী ৰনোজ পেগুৱে। বিধায়ক গৰাকীয়ে সকলো ৰাইজক নিজৰ বহুমূলীয়া ভোট প্ৰদান কৰিবলৈ অনুৰোধ জনাই।