নিউজ ডেস্ক: দিনৰ এক বজালৈকে ৰাজ্যত৪৫.২০ শতাংশ ভোটদান সম্পন্ন হৈছে। আনহাতে
বিয়লি এক বজালৈকে ধেমাজি সমষ্টিত ৪৬.৫০ আৰু জোনাই সমষ্টিত ৪২.৭০ শতাংশ ভোটদান হৈছে ।
কংগ্ৰেছ নেতা ৰকিবুল হুচেইনৰ সমষ্টি চামগুৰিত কংগ্রেছ আৰু বিজেপি সমৰ্থকৰ মাজত সংঘাত ।ভোটকেন্দ্রত কংগ্রেছ কৰ্মীৰ দ্বাৰা ৰিগিঙৰ অভিযোগ তুলিছে বিজেপি কৰ্মীয়ে ।চামগুৰিৰ পেনাইৰ ৫৮নং ভোটগ্রহণ কেন্দ্রত এই ঘটনা ।সংঘৰ্ষত আহত হৈছে আব্দুল আহমেদ নামৰ এজন বিজেপি কৰ্মী ।সংকটজনক অৱস্থাত বিজেপি কৰ্মীজনক চিকিৎসালয়ত ভৰ্তি কৰা হয় । চামগুৰিত নিৰ্বাচনী বিষয়াৰ বাহনত আক্রমণ ।বাজিয়াগাঁৱস্থিত আন এক ভোটগ্রহণ কেন্দ্রত উত্তেজনা ।দুৰ্বৃত্তই ভাঙিলে নিৰ্বাচনী বিষয়াৰ বাহন ।ঘটনাস্থলীৰ পৰা পলায়ন কৰে বিষয়াগৰাকীয়ে ।
চামগুৰিৰ আমনিবস্তি প্ৰাথমিক বিদ্যালয় ভোটকেন্দ্ৰত পত্নী-পুত্ৰসহ প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ৰকিবুল হুছেইন উপস্থিত হৈ সাব্যস্ত কৰে ভোটাধিকাৰ। ভোটাধিকাৰ সাব্যস্ত কৰি সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কয় যে কেৱল চামগুৰিয়ে নহয় প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱা প্ৰায়বোৰ সমষ্টিয়ে দখললৈ আহিব কংগ্ৰেছৰ।

৪৭ সমষ্টিত আজি অনুষ্ঠিত হৈ থকা প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে বহুকেইগৰাকী হাইপ্ৰফাইল নেতাই।অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে তিনিচুকীয়াত ভোটদান কৰে। উল্লেখ্য গগৈয়ে দুলীয়াজান আৰু নাহৰকটীয়া সমষ্টিৰ পৰা অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীৰূপে নিৰ্বাচনত অৱতীৰ্ণ হৈছে।কংগ্ৰেছ নেতা সাংসদ গৌৰৱ গগৈয়ে ভোটদান কৰে যোৰহাটত। সাংসদগৰাকীয়ে পিতৃহীন হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে অকলে ভোটদান কৰি আৱেগিক হোৱা বুলি উল্লেখ কৰে।

১৫২ নং মাইবেলা মজদুৰ প্ৰাথমিক বিদ্যালয়ত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অহা ভোটাৰ ৰাইজৰ সৈতে কংগ্ৰেছ প্ৰাৰ্থী দেবব্ৰত শইকীয়াক দেখা গ’ল ভোটদানৰ পূৰ্বে
৯৫ নং গোলাঘাট বিধানসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী অজন্তা নেওগে পুৱা ৮ বজাতেই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। গোলাঘাটৰ ১২২ নং ফেচুৱাল মক্তৱ প্ৰাথমিক বিদ্যালয়ৰ ভোটকন্দ্ৰত ভোটদান কৰে বিজেপিৰ প্ৰাৰ্থী গৰাকীয়ে। ভোটাধিকাৰ সাব্যস্ত কৰি নেওগে খিলঞ্জীয়াৰ স্বাৰ্থত ভোট প্ৰদান কৰা বুলি উল্লেখ কৰে ।