সোণাৰি সমষ্টিৰ শালকাঠনী চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ ১৪৭ নং ভোট কেন্দ্ৰত অঘটন ৷
কৰ্তব্যৰত দ্বিতীয় পুলিং অফিচাৰৰ মৃত্যু ।
অফিচাৰ গৰাকী মৰাণ সেউজপুৰৰ তুলসী খনিকৰ (৫৯) বুলি জানিব পৰা গৈছে ৷
হঠাতে কৰ্তব্যৰত অৱস্থাতে ঢলি পৰাত ততালিকে সাপেখাতী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাৱে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে।
ডিব্ৰুগড়লৈ নি থকা অৱস্থাতে পথতে মৃত্যু হয় ।
ইফালে বিহপুৰীয়া সমষ্টিৰ ১৩৮ নং কচুৱা মাজগাওঁ ভোটগ্ৰহণ কেন্দ্ৰত অঘটন৷ উচ্চ ৰক্তচাপত আক্ৰান্ত প্ৰিজাইডিং অফিচাৰ তৰুণ চন্দ্ৰ সৰকাৰ৷ ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বিষয়া গৰাকীক৷