নিউজ ডেস্ক: অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত উজনি অসমৰ ১১ খন জিলাৰ লগতে নগাওঁ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ লগতে ১১ হাজাৰ ৫৩৭ টা ভোটগ্ৰহণ কেন্দ্ৰত চলি আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া।
এইপৰ্যন্ত প্ৰথম পৰ্যায়ৰ আটাইকেইটা সমষ্টি মিলাই আবেলি ৪ বজালৈ প্ৰথম পৰ্যায়ৰ ৪৭ টা সমষ্টিত ৬৯.০৫ শতাংশ ভোটদান সম্পন্ন হৈছে । পুৱাৰ ভাগত ঠায়ে ঠায়ে ইভিএম বিকল হোৱাৰ তথ্য আহিছিল , যদিও বাকী সময়চোৱাত সুকলমে চলি আছে ভোট গ্ৰহণ । আজি ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰৰ ব্যাপক ভিৰ পৰিলক্ষিত হৈছে।
লাহোৱালৰ মদৈঙীয়া ভোটগ্ৰহণ কেন্দ্ৰত এগৰাকী চিকিৎসকে পিষ্টল দেখুওৱাক লৈ উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
ভোটদান কৰিবলৈ অহা লোক, প’লিং পিজাইডিং বিষয়াক ভাবুকি দি আছিল। মদ্যপান কৰি অহা চিকিৎসক গৰাকীয়ে হ’ল ডাঃ মুনিন কাকতি । ঘটনাৰ পিছতে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।ডিব্ৰুগড় সদৰ থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

আজি মুঠ ছগৰাকী মন্ত্ৰীৰ ভাগ্য ইভিএমত বন্দী হ’ব। তেওঁলোকৰ ভিতৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো আছে।প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত মুখ্যমন্ত্ৰীকে ধৰি ৬গৰাকী মন্ত্ৰীৰ ভাগ্য নিৰ্ণয় হব।সেইসকল ক্ৰমে মাজুলীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,বিহালীত মন্ত্ৰী ৰঞ্জিত দত্ত, ঢকুৱাখনাত মন্ত্ৰী নৱ দলে,মাহমৰাত মন্ত্ৰী যোগেন মহন,তিনিচুকীয়াত মন্ত্ৰী সঞ্জয় কিষাণ, কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্ত, আৰু বোকাখাতত মন্ত্ৰী অতুল বৰা |
এই কেইগৰাকী মন্ত্ৰী লগতে চাৰিটাকৈ দলৰ সভাপতিৰো ভাগ্য ইভিএমত বন্দী হৈছে।ৰাজ্যৰ ৪৭ টা সমষ্টিত আজি ৮১,৯,৮৫০ গৰাকী ভোটাৰে ভোটাধিকাৰ সাৱস্ত্য কৰিব।