দিনটোত ক'ত কি হৈ আছিল চিচিটিভিৰে মনিটৰিং কৰিলে নিৰ্বাচন আয়োগে

নিউজ ডেস্ক: অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদানৰ সামৰণি পৰিল । পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটদান সন্ধিয়া ৬ বজাত সামৰণি পৰিছে । শেহতীয়া খবৰ লাভ কৰা সময়লৈকে দুই এটা সৰু সুৰা ঘটনাৰ বাহিৰে নিৰ্বাচন শান্তিপূৰ্ণ ভাবে সামৰণি পৰিছে । ৫ বজালৈ ৭২.১০ শতাংশ ভোটদান সম্পন্ন হৈছে ।
উল্লেখ্য যে, ১২ খন জিলাৰ ৪৭ টা সমষ্টিত অনুষ্ঠিত হোৱা এই ভোটদান কৰে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৮১৯৮১৫গৰাকী ভোটাৰ আছে। ইয়াৰে ৪০৭৭২১০ গৰাকী পুৰুষ ভোটাৰ আৰু মহিলা ভোটাৰৰ সংখ্যা ৪০৩২৪৮১ গৰাকী।আজিৰ নিৰ্বাচনত ২৬৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হয় ই ভি এম মেচিনত ।

প্রথম পর্যায়ৰ নির্বাচনত ২৬৪গৰাকী প্রার্থীৰ ভাগ্য বন্দী হ’ল EVMত। এই প্রার্থীসকলৰ ভিতৰত সর্বাধিক চর্চিত দুটা নাম লুৰীণজ্যোতি গগৈ আৰু অখিল গগৈ। ৰাজনৈতিক পথাৰখনত নতুনকৈ ভৰি দিয়া এই দুই নেতাৰো ভাগ্য বন্দী হ’ল EVMত। ইয়াৰ লগতে মুখ্যমন্ত্ৰীসহ বহু কেইগৰাকী মন্ত্ৰীৰো ভাগ্য বন্দী হ’ল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply