সীমান্তত থকা ইউখ মেম'ৰিয়েল পাব্লিক টি চি স্কুলত থকা ভোটদান কেন্দ্ৰ

নিউজ ডেস্ক: বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত ভোটদানৰ প্ৰতি জনতাৰ ব্যাপক সঁহাৰি পৰিলক্ষিত হ’ল৷ শনিবাৰে হৈ যোৱা প্ৰথম পৰ্যায়ত ৪৭টা সমষ্টিত ৭৭.০১% ভোটাৰে ভোটদান কৰে৷ ইয়াৰে মাহমৰা সমষ্টিত সৰ্বাধিক ৮৬.৭৫%ই ভোটদান কৰে৷
পুনৰ দেখা গ’ল সৰুপথাৰ সমষ্টিৰ অসম-নাগালেণ্ড সীমান্তত অৱস্থিত এটা ভোটকেন্দ্ৰত নপৰিল এটাও ভোট। নগাৰ বাধাৰ বাবেই ভোটকেন্দ্ৰলৈ নগ’ল ভোটাৰ। সীমান্তত থকা ইউখ মেম’ৰিয়েল পাব্লিক টি চি স্কুলত থকা ভোটদান কেন্দ্ৰটোত থকা ২৪ জন ভোটাৰৰ এজনো নাহিল ভোট দিবলৈ ৷

কেন্দ্ৰটোৰ দায়িত্ব থকা প্ৰিজাইডিং বিষয়া গৰাকীয়ে ভোটগ্ৰহনৰ সামগ্ৰী সমূহ জমা দিয়াৰ পিছত কয়, প্ৰায় ৩০ জনমান সুৰক্ষাকৰ্মী সহ নিৰ্বাচনী বিষয়াসকলে যথেষ্ট অসুবিধাৰ মাজেৰে তালৈ গৈছিল যদিও মুকলি ভাবে নগালেন্ডৰ গাওবুঢ়া জন আহি তেওলোকক তাৰ পৰা উভতি যাবলৈ হেঁচা দিয়াৰ লগতে কোনো লোক যাতে ভোট দিবলৈ নাহে তাৰো ব্যবস্থা কৰিছিল ৷ দুয়োখন ৰাজ্যৰ সীমাত থকা এই ভোটগ্ৰহন কেন্দ্ৰটোত কোনোধৰনৰ ব্যবস্থা নোলোৱাকৈ যোৱা সময়চোৱাত ভোটদান কেন্দ্ৰ পাতি আহিছে যদিও কোনো লোকেই ভোট দিবলৈ নাহে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply