আজি পুনৰ তিনিটা কেন্দ্ৰত ভোটগ্ৰহণ
আজি পুনৰ তিনিটা কেন্দ্ৰত ভোটগ্ৰহণ

প্ৰথম পৰ্যায়ত গোলাঘাট নিৰ্বাচন জিলাৰ অধীনৰ ৯৫নং গোলাঘাট আৰু ৯৬নং খুমটাই বিধানসভা সমষ্টিৰ বাবে শনিবাৰে হোৱা ভোটগ্ৰহণত ২,৭৫,৬৭০ গৰাকী ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰে।
গোলাঘাট সমষ্টিত ২৮৮ আৰু খুমটাই সমষ্টিত ১৯৮টা কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছিল । উল্লেখ্য যে কোভিড-১৯ ৰ স্বাস্থ্যবিধি সমূহৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰা হয় ।
গোলাঘাট সমষ্টিত ৭৮.০২ শতাংশ ভোটদান হয়। গোলাঘাটত মুঠ ১,৬০,০৯১ গৰাকী ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰে । সমষ্টিটোৰ ১২৩ নম্বৰ বালিজান হাইস্কুলত সৰ্বাধিক ৮৭শতাংশ ভোটদান হয় ।

আনহাতে, খুমটাই সমষ্টিত ১,১৫,৫৭৯গৰাকী ভোটদাতাই ভোট দিয়ে। সমষ্টিটোত ভোটদানৰ হাৰ আছিল ৮১.৯২শতাংশ। আনহাতে, খুমটাইৰ ১৪২ নম্বৰ কুৰিঘৰীয়া প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত সৰ্বাধিক প্ৰায় ৮৮শতাংশ ভোটদান হয় ।

৯৩ নং বোকাখাত বিধানসভা সমষ্টিত মুঠ ৮০.৯২ শতাংশ ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে ৷বোকাখাত বিধানসভা সমষ্টিত মুঠ ১,৪৭,৪৮৭ গৰাকী ভোটাৰ আছিল আৰু ইয়াৰে ৭৩,৭৯৮ গৰাকী পুৰুষ ভোটাৰ আৰু ৭৩,৬৮৬ গৰাকী মহিলা ভোটাৰ হোৱাৰ লগতে ৩গৰাকী তৃতীয় লিংগৰ ভোটাৰ আছিল। ইয়াৰে মুঠ ১,১৯,৩৪২ জন ভোটাৰেহে শনিবাৰৰ দিনা ভোটাধিকাৰ সাব্যস্ত কৰে ৷ ইয়াৰ ভিতৰত ৫৮,৭০৩ গৰাকী মহিলা ভোটৰ হোৱাৰ বিপৰীতে পুৰুষ ভোটাৰ আছিল ৬০,৬৩৯ গৰাকী।

বোকাখাত সমষ্টিৰ ১৮৪ নং গোলোক বৰবৰা উচ্চ মাধ্যমিক বিদ্যালয় ভোটগ্রহণ কেন্দ্রত সর্বাধিক ৯৯.৭০ শতাংশ আৰু ১১৪ নং দেওপাহাৰ মধ্য ইংৰাজী বিদ্যালয় ভোটগ্ৰহণ কেন্দ্রত সর্বনিম্ন ৬২.২৯ শতাংশ ভোটদান হয় ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply