নিউজ ডেস্ক: অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে। পুৱাই ভোটকেন্দ্ৰত ভিৰ কৰিছে ভোটাৰে। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত নগাওঁ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ লগতে উজনি অসমৰ ১১ খন জিলাত চলি আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া।প্ৰথম চাৰিঘন্টাতে ২৫ শতাংশতকৈও অধিকে সাব্যস্ত কৰিলে ভোটদান
বিভিন্ন জন প্ৰাৰ্থীয়ে পৰিয়ালসহ ভোটদান কৰিবলৈ ওলাই আহে | পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটদান দুপৰীয়া ১১ বজালৈ ২৫.৮৮ শতাংশ হোৱাৰ খবৰ । সমষ্টিয়ে সমষ্টিয়ে ভোটাৰৰ ব্যাপক সমাগম। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বহুজন হেভীৱেইট প্ৰাৰ্থীয়ে কৰিলে ভোটদান। দিনৰ ১১ বজালৈ লাভকৰা তথ্য মতে কেইটামান সমষ্টিত হোৱা ভোটদানৰ হাৰ আছিল এনেধৰনৰ – যোৰহাট সমষ্টি- ২৯.৩১ শতাংশ,দেৰগাওঁ সমষ্টি- ৩১.২৪ শতাংশ, টীয়ক সমষ্টি- ৩১.৩৪ শতাংশ,আমগুৰি সমষ্টি – ২৮.৩৪ শতাংশ,শিৱসাগৰ সমষ্টি- ২৯.৬৩ শতাংশ,থাওৰা সমষ্টি- ২৮.১২ শতাংশ,বৰছলা সমষ্টি- ২৬.৭ শতাংশ,তেজপুৰ সমষ্টি- ২৭.৭ শতাংশ,ৰঙাপাৰা সমষ্টি- ২২.৮ শতাংশ,চতিয়া সমষ্টি- ২৯.৭৫ শতাংশ ভোটদান হৈছে |