নিউজ ডেস্ক: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সকলো সাজু , আজি সন্ধিয়া সামৰণি পৰিব প্ৰচাৰ অভিযান | প্রথম পর্যায়ৰ নির্বাচনত ৮১,০৯,৮১৫গৰাকী (পুৰুষ ৪০,৭৭,২১০জন, মহিলা ৪০,৩২,৪৮১গৰাকী আৰু ১২৪ তৃতীয় লিংগ) ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰি নির্বাচনী যুঁজত অৱতীর্ণ হোৱা ২৬৫গৰাকী প্রার্থীৰ ভাগ্য নির্ণয় কৰিব৷

ইফালে প্রথম পর্যায়ত ভোটগ্রহণ হ’বলগীয়া ৪৭টা সমষ্টিৰ ভিতৰত নাওবৈচাত সর্বাধিক ১২গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে৷ বোকাখাতত ১১গৰাকী, ধিং–তিনিচুকীয়াত ১০গৰাকী, ৰূপহীহাটত ৯গৰাকী, বিহপুৰীয়াত ৮গৰাকী । ৰঙাপৰা, তেজপুৰ–ঢ়েকীয়াজুলি, ডুমডুমা, বটদ্ৰবা, মাহমৰা, লখিমপুৰ আৰু চাবুৱাত ৭গৰাকী, খুমটাই,শিৱসাগৰ,মাৰ্ঘেৰিটা, শদিয়া, জোনাই, মৰাণ, লাহোৱালত ৬গৰাকী,বিশ্বনাথ,টীয়ক,মাজুলী, ডিব্ৰুগড়, নাহৰকটীয়া,আমগুৰি, ঢকুৱাখনা, ধেমাজীত ৫গৰাকী অৱতীর্ণ হৈছে৷ ।

বৰছলা,বিহালী,গহপুৰ, চামগুৰি, কলিয়াবৰ, সৰুপথাৰ,দেৰগাঁও, যোৰহাট, তিতাবৰ, নাজিৰা, সোণাৰী,টিংখাং, দুলীয়াজানত ৪গৰাকী, চতিয়া,গোলাঘাট,মৰিয়নি, থাওৰা আৰু ডিগবৈত তিনিগৰাকীকৈ প্রার্থী নির্বাচনত অৱতীর্ণ হৈছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,677 other subscribers

Leave a comment

Leave a Reply