গুৱাহাটী – আজি অন্ত পৰিব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ। সন্ধিয়া ৬ বজাৰ পৰা ৰাজনৈতিক দল সমূহে বন্ধ কৰিব লাগিব প্ৰচাৰ অভিযান। অহা ২৭ মাৰ্চত ৰাজ্যত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব। হাতত মাত্ৰ কেইটামান ঘন্টা থকাত প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থী সকলে তীব্রতৰ কৰি তুলিছে প্ৰচাৰ অভিযান।

অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ লৈ মাজত মাত্ৰ দুটা দিন। ইতিমধ্যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থী সকলে তীব্রতৰ কৰি তুলিছে প্ৰচাৰ অভিযান। ইয়াৰ মাজতে নিৰ্বাচন আয়োগে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান ৪৮ ঘণ্টা পূৰ্বে বন্ধ কৰাৰ নিৰ্দেশনা জাৰি কৰিছে। নিৰ্বাচন আয়োগে এক পত্ৰ যোগে ঘোষণা কৰিছে যে ৰাজনৈতিক দল সমূহে আজি সন্ধিয়া ৬ বজাৰ পৰা প্ৰচাৰ অভিযান বন্ধ কৰিব লাগিব।

ৰাজনৈতিক দল সমূহে আজি সন্ধিয়া ৬ বজাৰ পৰা কোনো ধৰণৰ সভা, ৰেলী অনুষ্ঠিত কৰিব নোৱাৰিব। নিৰ্বাচন আয়োগৰ এই নিৰ্দেশনা উলংঘা কৰিলে জৰিমনাসহ দুবছৰ পৰ্যন্ত কাৰাবাস বৰণ কৰিবলগীয়া হ’ব পাৰে বুলিও পত্ৰ যোগে ঘোষণা কৰিছে নিৰ্বাচন আয়োগে।

এই সময়ছোৱাত ৰেডিঅ’, টেলিভিশন আৰু অন্যান্য গণমাধ্যম সমূহো প্ৰচাৰ অভিযান বন্ধ ৰাখিব লাগিব বুলি নিৰ্দেশনা জাৰি কৰিছে নিৰ্বাচন আয়োগে। ইয়াৰ উপৰি ভোটাৰ ৰাইজক আকৰ্ষিত কৰিব পৰা কোনো ধৰণৰ মনোৰঞ্জনধৰ্মী অনুষ্ঠান আয়োজনৰ পৰাও বিৰত থাকিব লাগিব।

উল্লেখ্য যে এই সময়ছোৱাত এগজিট পল অথবা ৰাইজৰ মতামতৰ ভিত্তিত নিৰ্বাচনী ফলাফল ঘোষণা কৰিবও নোৱাৰিব বুলিও নিৰ্বাচন আয়োগে পত্ৰ যোগে ঘোষণা কৰিছে। উল্লেখ্য যে অহা ২৭ মার্চত ৰাজ্যৰ ৪৭ টা সমষ্টিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply