অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহন

নিউজ ডেস্ক: পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহন |
প্রথম পৰ্যায়ত মুঠ ৪৭টা সমষ্টিত আৰম্ভ হৈছে ভোটগ্ৰহণ। এই সমষ্টি কেইটা ক্ৰমে- ঢেকীয়াজুলি, বৰচলা, তেজপুৰ, ৰঙাপাৰা, চতিয়া, বিশ্বনাথ, বিহালী, গহপুৰ, ধিং, বটদ্ৰবা, ৰূপহীহাট, চামগুৰি, কলিয়াবৰ, বোকাখাত, সৰুপথাৰ, গোলাঘাট, খুমটাই, দেৰগাঁও (এছচি), যোৰহাট, তিতাবৰ, মৰিয়ণী, টীয়ক, মাজুলী (এছটি), আমগুৰি, নাজিৰা, থাওৰা, শিৱসাগৰ, মাহমৰা, সোণাৰী, বিহপুৰীয়া, নাওবৈছা, লখিমপুৰ, ঢকুৱাখনা (এছটি), ধেমাজি (এছটি), জোনাই (এছটি), মৰাণ, ডিব্ৰুগড়, লাহোৱাল, দুলীয়াজান, টিংখাং, নাহৰকটীয়া, তিনিচুকীয়া, ডিগবৈ, মাৰ্ঘেৰিটা, ডুমডুমা আৰু শদিয়া।

অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহন


উল্লেখযোগ্য যে, প্রথম পৰ্যায়ত মুঠ ভোটাৰৰ সংখ্যা ৭৯১৮৬০৮ জন। ইয়াৰে পুৰুষ ভোটাৰ ৩৯৯৮৭১২জন আৰু মহিলা ভোটাৰৰ সংখ্যা ৩৯,২৩,৮৯৬ গৰাকী।প্ৰথম পৰ্যায়ৰ নিৰ্বাচত মুঠ প্ৰাৰ্থী ২৬৮জন। ইয়াৰে ২৩৯জন পুৰুষ প্ৰাৰ্থী আৰু ২৫জন প্ৰাৰ্থী মহিলা। উল্লেখ্য যে, প্ৰথমপৰ্যায়ত প্ৰাৰ্থিত্ব আগবঢ়োৱা প্ৰাৰ্থী সকলৰ ভিতৰত ৩৬জন বিজেপিৰ, ৪৩জন কংগ্ৰেছ, ১০জন অগপ, ৪২জন অজাপ, ৭৭জন নিৰ্দলীয় আৰু ৫৩ জন অন্যান্য দলৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply