নিউজডেস্ক: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অহা ২৭ মাৰ্চত মুঠ ২৬৯ গৰাকী প্ৰাৰ্থীয়ে ৪০টা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিব | মনোনয়ন দাখিল কৰিছিল ২৯৫ গৰাকী প্ৰাৰ্থীয়ে ইয়াৰে ১০ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল কৰাৰ বিপৰীতে ১৬ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ উঠাই লয় |
দ্বিতীয় পর্যায়ৰ নির্বাচনৰ মনোনয়ন পত্র দাখিলৰ শুকুৰবাৰে সময়সীমা উকলি যোৱাৰ পিছত অসমৰ মুখ্য নির্বাচনী বিষয়াৰ কার্যালয়ে দিয়া তথ্য অনুসৰি মুঠ ২০২জন প্রার্থীয়ে মনোনয়ন পত্র দাখিল কৰিছে৷ ১৫ মাৰ্চত এই মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ’ব | মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ১৭ মাৰ্চ ধাৰ্য কৰা হৈছে |
তৃতীয় পর্যায়ৰ নির্বাচনৰ বাবে আজি জাৰি কৰা হৈছে অধিসূচনা৷ তৃতীয় পর্যায়ৰ নির্বাচনৰ মনোনয়ন পত্র দাখিলৰ অন্তিম দিন ১৯ মার্চ হোৱাৰ বিপৰীতে ২০ মার্চত মনোনয়ন পত্রসমূহ পৰীক্ষা কৰা হ’ব৷ ২২ মার্চ হৈছে মনোনয়ন পত্র প্রত্যাহাৰৰ অন্তিম দিন৷