গুৱাহাটীঃ ২মে’ত ঘোষিত অসম বিধানসভা নির্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হ’ল বিজেপি নেতৃত্বাধীন মিত্রজোঁটে ৷ ইফালে, কংগ্রেছ নেতৃত্বাধীন মহাজোঁট ৫০খন আসনৰ ভিতৰতে সন্তুষ্ট থাকিবলগীয়া হ’ল।
পিছে অসম বিধান সভাৰ সদস্যৰ পদ দখল কৰিবলৈ এইবাৰ পোন প্ৰথম বাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈছে ৩৭গৰাকী নৱ নিৰ্বাচিত প্ৰাৰ্থী।
শিৱসাগৰৰ ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈ, নন্দিতা গাৰ্লোছা (হাফলং), ৰূপছিং টেৰণ (বৈঠালাংছ’), বটদ্ৰৱা শিৱামণি বৰা, হেমাংগ ঠাকুৰীয়া (পলাশবাৰী), জিতু গোস্বামী (বঢ়মপুৰ), দিগন্ত কলিতা(কমলপুৰ), ৰামকৃষ্ণ ঘোষ(হোজাই), বিশ্বজিত ফুকন (সৰুপথাৰ), ধমেশ্বৰ কোৱঁৰ (সোণাৰি), অমিয় কুমাৰ ভূঞা(বিহপুৰীয়া), মানৱ ডেকা(লখিমপুৰ), তৰংগ গগৈ (নাহৰকটীয়া), পৰমানন্দ ৰাজবংশী( ছিপাঝাৰ), অজয় কুমাৰ ৰয়(বিজনী), কৃষ্ণকমল তাঁতী(ৰঙাপাৰা), পোনাকণ বৰুৱা(চাবুৱা), পৃথ্বীৰাজ ৰাভা(তেজপুৰ), কৰিম উদ্দিন বৰভূঞা(সোণাই), আশ্ৰাফুল হুছেইন(চেঙা), আমিনুল ইছলাম(মানকাচাৰ), চামচুল হুদা(বিলাসীপাৰা পূব), মজিবুৰ ৰহমান(দলগাওঁ), লৰেন্স ইছলাৰী(কোকাৰাঝাৰ,পূব), জয়ন্ত বসুমতাৰী(চিদলী), লেহোৰাম বড়ো(তামুলপুৰ), ভূপেন বড়ো (বৰমা), ইউ জি ব্ৰহ্ম(চাপাগুৰি), গোবিন্দ বসুমতাৰী(ওডালগুৰি), আব্দুল বাতেন মণ্ডল( অভয়াপুৰী উত্তৰ), প্ৰদীপ সৰকাৰ( অভয়াপুৰী দক্ষিণ), যাদৱ স্বৰ্গীয়াৰী( দুধনৈ), আব্দুৰ ৰহিম আহমেদ(বৰপেটা), দিগন্ত বৰ্মন(বৰক্ষেত্ৰী), ভাস্কৰ জ্য়োতি বৰুৱা(তিতাবৰ), শশীকান্ত দাস(ৰহা), শিৱামনি বড়া(বটদ্ৰৱা) আৰু চি পি আই (এম) ৰ মনোৰঞ্জন তালুকদাৰ(সৰভোগ)।
আনহাতে, এইবাৰ বিধানসভাৰ মজিয়ালৈ আহিল ৬ গৰাকী মহিলা সদস্যা
তেওঁলোক হৈছে- ৰেণুপমা ৰাজখোৱা(টীয়ক), অজন্তা নেওগ (গোলাঘাট),নন্দিতা গাৰ্লোছা(হাফলং), শিৱামণি বড়া(বটদ্ৰৱা), নন্দিতা দাস(বকো), সুমন হৰিপ্ৰিয়া(হাজো)।