নিউজ ডেস্ক: প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী কুমাৰে কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিছে। মঙলবাৰে প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী গৰাকীয়ে দলটোৰ সভানেত্ৰী ছোনিয়া গান্ধীলৈ দিয়া পত্ৰত পদত্যাগৰ কথা জানিবলৈ দিয়ে।

পত্ৰখনত জ্যেষ্ঠ নেতাজনে ‘দেশৰ বৃহত্তৰ স্বাৰ্থত’ কাম কৰাৰ উদ্দেশ্যে কংগ্ৰেছৰ সৈতে থকা ৪৬ বছৰীয়া সম্পৰ্ক সমাপ্ত কৰি পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি কয়।

পত্ৰত তেওঁ কয়, ‘বিষয়টোক লৈ যথেষ্ট চিন্তা কৰাৰ পিছত মই সিদ্ধান্তত উপনীত হওঁ যে বৰ্তমান পৰিস্থিতিত মোৰ মৰ্য্যাদা অটুট ৰাখি মই দলীয় গণ্ডীৰ বাহিৰত থাকি দেশৰ বৃহত্তৰ স্বাৰ্থত কাম কৰিব খোজো।’

উল্লেখযোগ্য যে কংগ্ৰেছত থকা যোৱা ৪৬ বছৰীয়া দীঘলিয়া কালছোৱাত অশ্বিনী কুমাৰে একাধিক দায়িত্ব পালন কৰিছিল। ৬৯ বছৰীয়া ৰাজনীতিবিদ গৰাকীয়ে দেশৰ সৰ্বকনিষ্ঠ অতিৰিক্ত সলিসিটৰ জেনেৰেলৰো দায়িত্বত আছিল।

আনহাতে পদত্যাগৰ পিছতে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ‘কংগ্ৰেছে তৃণমূল পৰ্য্যায়ৰ বাস্তৱতাৰ সৈতে সম্পৰ্ক হেৰোৱাই পেলাইছে’ বুলি মন্তব্য কৰি ‘দলটোয়ে এতিয়া ৰাষ্ট্ৰীয় ভাবাৱেগক প্ৰতিফলিত নকৰে’ বুলি কয়।

তদুপৰি পঞ্জাবৰ বিধানসভা নিৰ্বাচনৰ ফলাফলে বহুতক আচৰিত কৰিব বুলিও বৰ্ষীয়ান নেতাজনে মন্তব্য কৰে।

লগতে পঢ়ক – কি কি নিয়ম মানি আজিৰে পৰা ঘৰৰ বাহিৰলৈ ওলাব পাৰিব?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply