নিউজ ডেস্ক: বিজেপিৰ সৈতে মিত্ৰতা কৰি একপ্ৰকাৰ অস্তিত্বৰ সংকটত পৰিছে অসম গণ পৰিষদ। আগন্তুক গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত মাত্ৰ ৭ টা ৱাৰ্ডহে বিজেপিয়ে এৰি দিলে মিত্ৰদল অগপক।

গুৱাহাটী পৌৰ নিগম নিৰ্বাচনত মুঠ ৬০টা ৱাৰ্ডৰ ভিতৰত মাত্ৰ ৭ টা ৱাৰ্ডত প্ৰতিদ্বন্দিতা আগবঢ়াব অসম গণ পৰিষদে। এই বিষয়টোৱে সম্প্ৰতি অসমৰ ৰাজনীতিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

মঙলবাৰে অগপ দলে প্ৰকাশ কৰিছে গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। প্ৰথমখন তালিকাত পশ্চিম গুৱাহাটী সমষ্টিৰ ১, ১০, ১২, ১৩, ২৪ নম্বৰ ৱাৰ্ডৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে।

দলটোৱে আজি নাম ঘোষণা কৰা ৫ গৰাকী প্ৰাৰ্থী হৈছে ৰঞ্জন পাটোৱাৰী, কল্পনা দাস, দিপাংকৰ বৈশ্য, পূৰবী তালুকদাৰ আৰু বিজু মেধী।

বিজেপিৰ সৈতে মিত্ৰতা কৰি পৌৰ নিগমৰ দৰে এক গুৰুত্বপূৰ্ণ নিৰ্বাচনত মাত্ৰ ৭ ৱাৰ্ডত ক্ষান্ত থাকিবলৈ বাধ্য হোৱা অগপৰ অৱস্থা ক্ৰমাৎ পুতৌজনক হ’ব ধৰিছে বুলি একাংশই মন্তব্য কৰিছে।

লগতে পঢ়ক – নীলিম মহন্তক জামিন প্ৰদান অৰুণাচল প্ৰদেশৰ আদালতৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply