প্ৰতিনিধিত্বমূলক ছবি

গুৱাহাটীঃ গেৰুৱা বাহিনীৰ দখলত গুৱাহাটী পৌৰনিগম। বিজেপি মিত্ৰজোঁটে বৃহৎ জয়লাভেৰে পৌৰনিগম দখল কৰিবলৈ সক্ষম হয়। বিজেপি মিত্ৰজোঁটে ৫৮টা ৱাৰ্ড, আম আদমী পাৰ্টীয়ে ১টা আৰু অসম জাতীয় পৰিষদে এটা ৱাৰ্ডত জয়লাভ কৰিবলৈ সক্ষম হয়।

১ নং ৱাৰ্ডত বিজয়ী হৈছে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হুকুম চান্দ বক্সী, ২নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী মুকুল কলিতা, ৩নং ৱাৰ্ড বিজেপি প্ৰাৰ্থী কল্লোল চক্ৰৱৰ্তী, ৪ নং ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী কনকলতা সাহা দে, ৫নং ৱাৰ্ডত বিজেপি সঞ্জয় দাস, ৬নং ৱাৰ্ডত বিজেপি সুতাপা সৰকাৰ, ৭নং বিজেপি অজয় চক্ৰৱৰ্তী, ৮নং বি জে পি সুধন্য মালাকাৰ, ৯নং বিজেপি অৰ্চনা দাস, ১০নং এ জি পি কল্পনা দাস, ১১ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী মঞ্জুলা দেৱীয়ে বিজয় সাব্যস্ত কৰিছে, ১২ নং ৱাৰ্ডত এজেপি প্ৰাৰ্থী দিপাংকৰ বৈশ্য, ১৩নং ৱাৰ্ডত এজিপি পূৰবী তালুকদাৰ, ১৪নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী মঞ্জু বৰা, ১৫নং ৱাৰ্ডত সৌৰভ ঝুনঝুনৱালা, ১৬নং ৱাৰ্ডত বিজেপি প্ৰমোদ স্বামী, ১৭নং বাৰ্ডত বিজেপি প্ৰাৰ্থী স্নিগ্ধা বৰুৱা মজুমদাৰ, ১৮নং বিজেপি প্ৰাৰ্থী শংকৰ চক্ৰৱৰ্তী, ১৯নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী ব্ৰিজেশ ৰয়, ২০নং বি জে পি গৌৰ গোপাল মণ্ডল, ২১ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী সন্দীপ দেৱ, ২২নং বিজেপি স্মিতা ৰয়, ২৩নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী মাজিতা দৈমাৰী, ২৪নং ৱাৰ্ডত এজিপি প্ৰাৰ্থী বিজু মেধী, ২৫নং ৱাৰ্ডত বিজেপি মঞ্জুলা ৰাভা, ২৬নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী ৰাণা বৰা, ২৭নং বিজেপি ৰিন্টু মণি ব্ৰহ্ম, ২৮নং ৱাৰ্ডত বিজেপি স্নিগ্ধা দৈমাৰী, ২৯নং বিজেপি মৃগেন শৰণীয়া, ৩০নং ৱাৰ্ডত বিজেপি বিনীতা দত্ত চৌধুৰী, ৩১নং ৱাৰ্ডত বিজয়ী হৈছে বিজেপিৰ ৰত্না সিং, ৩২ নং ৱাৰ্ডত বিজেপি নীলম জ্যোতি ভূঞা, ৩৩নং ৱাৰ্ডত এজেপিৰ মীৰা দাস চহৰীয়া, ৩৪ নং ৱাৰ্ড বিজেপি প্ৰাৰ্থী জোনমণি বৰা, ৩৫নং ৱাৰ্ডত বি জে পি নবীন বৰা, ৩৬নং ৱাৰ্ডত বিজেপি মেঘনা হাজৰিকা, ৩৭নং ৱাৰ্ডত বিজেপি স্বপ্না দেবী, ৩৮নং ৱাৰ্ডত বি জে পি শশাংক জ্যোতি ডেকা, ৩৯নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী অভিক সোমৰ, ৪০নং বাৰ্ডত বিজেপি প্ৰাৰ্থী ববিতা ডেকা, ৪১ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী বাসন্তী কলিতা, ৪২ নং ৱাৰ্ডত আপ প্ৰাৰ্থী মাছুমা বেগম, ৪৩নং ৱাৰ্ডত বি জে পি প্ৰাৰ্থী অঞ্জনা বৰা, ৪৪ নং ৱাৰ্ডত বিজেপি সত্যেন্দ্ৰ নাথ ভট্টাচাৰ্য, ৪৫নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী মাধৱী তালুকদাৰ, ৪৬নং ৱাৰ্ডত বিজেপি আশীষ ভৰালী, ৪৭নং ৱাৰ্ডত বিজেপি প্ৰফুল্ল মহন্ত, ৪৮নং ৱাৰ্ডত বিজেপি দুলুমণি কাকতি, ৪৯নং ৱাৰ্ডত বিজেপি অৰূপ ডেকা, ৫০নং ৱাৰ্ডত বিজেপি উৎপল মহন্ত, ৫১নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী ডিম্পল ৰাভা, ৫২নং বিজেপি গকুল গোস্বামী, ৫৩নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী লিপিকা পাটোৱাৰী বিজয়ী হৈছে। ৫৪নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী গীতা ঠাকুৰীয়া, ৫৫নং বিজেপি প্ৰাৰ্থী মনোজ কুমাৰ নাথ, ৫৬ নং ৱাৰ্ডত বিজেপি ৰাখী বৰা, ৫৭নং বিজেপি কবিতা শৰ্মা জয়ী হৈছে। আনহাতে, ৫৮নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী গৌৰী বৰা, ৫৯ নং ৱাৰ্ডত এজিপি অসীম শইকীয়া, ৬০ নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী ভূপেন বৰুৱাই জয় লাভ কৰিছে। কংগ্ৰেছে এখনো আখন দখল কৰিবলৈ সক্ষম নহ’ল।

পুৱা ৮ বজাৰ পৰা মণিৰাম দেৱান ট্ৰেড চেন্টাৰত আৰম্ভ হৈছিল ভোটগণনা। গুৱাহাটী পৌৰ নিগমৰ ৬০ টা ৱাৰ্ডৰ ভিতৰৰে ৫৭ টা ৱাৰ্ডৰ বাবে ভোটগণনা আৰম্ভ হৈছিল। ৬০টা ৱাৰ্ড যুক্ত গুৱাহাটী পৌৰসভাৰ ইতিমধ্যে ৫নং,৬নং আৰু ২২নং ৱাৰ্ডত বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হৈছে বিজেপি প্ৰাৰ্থী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,483 other subscribers

Leave a comment

Leave a Reply Cancel reply