গোৱালপাৰা : ভোটাৰক আকৰ্ষণ কৰিবলৈ গোৱালপাৰা জিলা প্ৰশাসনৰ অভিনৱ পদক্ষেপ। তৃতীয় লিংগৰ ব্যক্তিৰ দ্বাৰা নৃত্য প্ৰদৰ্শন আৰু সমদল উলিয়াই ভোটাৰ ৰাইজক ভোটদান কৰাৰ আহ্বান গোৱালপাৰা জিলা প্ৰশাসনৰ।
অসম বিধানসভা নিৰ্বাচনকলৈ ৰাজ্যৰ প্ৰতিখন জিলা প্ৰশাসন তৎপৰ হৈ পৰিছে। বিধানসভা নিৰ্বাচনত যাতে অধিক সংখ্যক ৰাইজে ভোটদান কৰিবলৈ ওলাই আহে ইয়াৰ বাবে প্ৰশাসনে ভোটাৰ ৰাইজক সজাগ কৰিবলৈ বিভিন্ন ধৰণৰ ব্যতিক্ৰম পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে অহা ২৭ মার্চত ৰাজ্যৰ ৪৭ টাকৈ সমষ্টিত অনুস্থিত হ’ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ।
অহা ৬ এপ্ৰিলত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণৰ দিনা যাতে অধিক সংখ্যক ৰাইজ ওলাই আহি ভোটাধিকাৰ সাব্যস্ত কৰে ইয়াৰ বাবে এক ব্যতিক্ৰম পদক্ষেপ গ্ৰহণ কৰিছে গোৱালপাৰা জিলা প্ৰশাসনে। গোৱালপাৰা জিলাখনত এশ শতাংশ ভোটাদান হয় তাৰ বাবে অভিনৱ পদক্ষেপ গ্ৰহন কৰিছে গোৱালপাৰা জিলা প্ৰশাসনে।
জিলা উপায়ুক্তৰ সভাকক্ষত শুকুৰবাৰে জিলা উপায়ুক্ত বৰ্নালী ডেকাই তৃতীয় লিংগৰ ব্যক্তি সকলৰ সৈতে ভোটদান সন্দৰ্ভত মত বিনিময় কৰে। কিদৰে সকলোৱে ভোটদান কৰি নিজৰ অধিকাৰ সাব্যস্ত কৰিব লাগে সেই বিষয়ে তৃতীয় লিংগৰ ব্যক্তি সকলক বুজাই দিয়ে উপায়ুক্ত গৰাকীয়ে। জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদত তৃতীয় লিংগৰ ব্যক্তি সকলৰ দ্বাৰা গোৱালপৰীয়া নৃত্যও প্ৰদৰ্শন কৰা হয়। ভোটদান প্ৰচাৰৰ অৰ্থে উপায়ুক্ত কাৰ্যালয়ৰ পৰা এক সমদলো উলিওৱা হয়।