গোৱালপাৰা – ক্ষুব্ধ কৰ্মীয়ে ভাঙি লণ্ডভণ্ড কৰিলে অসম জাতীয় পৰিষদৰ কাৰ্যালয়। গোৱালপাৰাত প্ৰাৰ্থী কেন্দ্ৰিক সংঘাতৰ ফলত উত্তপ্ত পৰিস্থিতি। ছফিউৰ ৰহমানক টিকট প্ৰদান কৰাত ক্ষুব্ধ অসম জাতীয় পৰিষদৰ কৰ্মী। গোৱালপাৰা পশ্চিম সমষ্টিত অসম জাতীয় পৰিষদে উপযুক্ত প্ৰাৰ্থী প্ৰদান নকৰাৰ অভিযোগ দলীয় কৰ্মীৰ।

ৰাজ্যত বিধানসভা নিৰ্বাচনকলৈ প্ৰতিটো ৰাজনৈতিক দলে চলাই গৈছে ব্যাপক প্ৰস্তুতি। ৰাজনৈতিক দল সমূহৰ নেতা সকল এফালে প্ৰচাৰত ব্যস্ত আনফালে নেতা সকলৰ বাবে মূৰৰ কামোৰণী হৈ পৰিছে উপযুক্ত প্ৰাৰ্থী নিৰ্বাচন। দলে নিৰ্বাচন কৰা বহু প্ৰাৰ্থীক লৈ দলীয় কৰ্মীৰ অসন্তুষ্ট। প্ৰতিটো ৰাজনৈতিক দলৰ অসন্তুষ্ট কৰ্মীয়ে বিৰোধিতা কৰিছে দলে নিৰ্বাচন কৰা বহু প্ৰাৰ্থীৰ।

শাসকীয় বিজেপি আৰু বিৰোধী কংগ্ৰেছৰ দলৰ প্ৰাৰ্থী তালিকা প্ৰকাশ হোৱাৰ পিছৰে পৰা দল দুটাৰ কর্মী সকলৰ মাজত দেখিবলৈ পোৱা গৈছে প্ৰাৰ্থী কেন্দ্ৰিক সংঘাত। “কা”ৰ বিৰোধীতাৰে গঠন হোৱা আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ অৱস্থা পৃথক নহয় বিজেপি আৰু কংগ্রেছতকৈ। নৱগঠিত আঞ্চলিক দলটোৰ বহু কর্মী দলটোৰ প্ৰাৰ্থী তালিকক লৈ সন্তুষ্ট নহয়।

গোৱালপাৰা পশ্চিম সমষ্টিত অসম জাতীয় পৰিষদ দলে সমষ্টিটৌত উপযুক্ত প্ৰাৰ্থী প্ৰক্ষেপ নকৰাৰ অভিযোগ উত্থাপন কৰিছে দলটোৰ একাংশ কৰ্মীয়ে। উপযুক্ত প্ৰাৰ্থী প্ৰদান নকৰাৰ অভিযোগত ক্ষোভিত হৈ গোৱালপাৰা পশ্চিম সমষ্টি কমিটিৰ ক্ষুব্ধ কৰ্মীয়ে সমষ্টি কমিটিৰ মুখ্য কাৰ্যালয় ভাঙি লণ্ডভণ্ড কৰে।

গোৱালপাৰা পশ্চিম সমষ্টিত অসম জাতীয় পৰিষদে ছফিউৰ ৰহমানৰ নাম ঘোষণা কৰাত দলটোৰ সমষ্টি কমিটিৰ সভাপতি, ৰাজ্যিক আহ্বায়াক আৰু সমষ্টি কমিটিৰ কর্মী সকলে অভিযোগ উত্থাপন কৰে যে সমষ্টি কমিটিক অৱগত নকৰাকৈ ছফিউৰ ৰহমানক প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে। সমষ্টি কমিটিৰ ক্ষুব্ধ কর্মী সকলে সমুহিয়া দলটোৰ পৰা পদত্যাগ কৰিব বুলিও ভাবুকি প্ৰদান কৰিছে।

জানিব পৰা মতে গোৱালপাৰা পশ্চিম সমষ্টিত অসম জাতীয় পৰিষদৰ পৰা চাৰি গৰাকী প্ৰাৰ্থী ক্ৰমে আহমেদ আলী, পৱীত্ৰ নাথ, আব্দুল মতিম আৰু ছফিউৰ ৰহমানে প্ৰাৰ্থীত্বৰ বাবে আবেদন কৰিছিল। ইয়াৰে আহমেদ আলী ২০০৬ চনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি নগণ্য ভোটৰ ব্যৱধানত কংগ্ৰেছৰ প্ৰাৰ্থীৰ হাতত পৰাজিত হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply