গোলাঘাট – গোলাঘাটৰ কংগ্ৰেছ কৰ্মীয়ে আদৰি নিলে বিতুপন শইকীয়াক। বিজেপিৰ প্ৰাক্তন নেতা গৰাকীয়ে শুকুৰবাৰে নিশা যোগদনা কৰিছিল কংগ্ৰেছ দলত। টিকট লাভৰ পৰা বঞ্চিত হৈ বিজেপি ত্যাগ কৰি কংগ্ৰেছমুখী হৈছিল বিতুপন শইকীয়া। কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব লাভ কৰাৰ সম্ভাবনা বিতুপন শইকীয়াৰ।
গোলাঘাটৰ ৰাজনৈতিক পৰিৱেশ পুনৰ সলনি হৈছে। কিছুদিন পূৰ্বে গোলাঘাটৰ কংগ্ৰেছ দলৰ বিধায়িকা অজন্তা নেওগে কংগ্ৰেছ দল ত্যাগ কৰি গেৰুৱা টুপী পৰিধান কৰি গোলাঘাটত কংগ্ৰেছ দলৰ শক্তি হ্ৰাস কৰিছিল। শনিবাৰে গোলাঘাটত কংগ্ৰেছ দল পুনৰ প্ৰাণ পাই উঠা এক পৰিৱেশ দেখিবলৈ পোৱা যায়।
গোলাঘটত বিজেপি দলৰ ভেটি শক্তিশালী কৰা বিতুপন শইকীয়াই শনিবাৰে গোলাঘাটত কংগ্ৰেছৰ স্থিতি শক্তিশালী কৰা দেখিবলৈ পোৱা গ’ল। বিজেপি দলৰ পৰা টিকট বঞ্চিত হৈ বিতুপন শইকীয়াই শুকুৰবাৰে নিশাই কেইবা শতাধিক সমৰ্থকক লৈ কংগ্ৰেছ দলত যোগদান কৰিছিল।
শনিবাৰে গোলাঘাটৰ কংগ্ৰেছ কৰ্মীয়ে বিতুপন শইকীয়াক আদৰি নিয়াৰ এক বিশেষ দৃশ্য দেখিবলৈ পোৱা যায় গোলাঘাটত। কেইবা শতাধিক কংগ্ৰেছ কৰ্মীয়ে বিতুপন শইকীয়াক বিশাল সমদল উলিয়াই আদৰি নিয়ে। কংগ্ৰেছ কর্মী সকলে ঢোল বজাই, ফটকা ফুটাই বিতুপন শইকীয়াক গোলাঘাট কংগ্ৰেছ ভৱনলৈ আদৰি নিয়ে।
কংগ্ৰেছত যোগদান কৰি কংগ্ৰেছ কৰ্মীৰ ব্যাপক সঁহাৰি লাভ কৰি বিতুপন শইকীয়াই কয় “মই গোলাঘাট কংগ্ৰেছ কর্মী সকলক ধন্যবাদ জনাইছোঁ। যোৱা ৩৮ বছৰে মই ৰাইজৰ কাম কৰিছোঁ। মই কংগ্ৰেছত নে বিজেপিত, এইটো ডাঙৰ কথা নহয়। মই ৰাইজৰ কাম কৰোঁ গতিকে ৰাইজে মোক আদৰিছে। উল্লেখ্য যে বিতুপন শইকীয়া গোলাঘাটৰ পৰা কংগ্ৰেছ দলৰ টিকট লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।