গুৱাহাটী: নিৰ্বাচিত প্ৰতিনিধিসকলৰ বিলাসীজীৱন ৰাইজে যিমানেই সমালোচনা নকৰক কিয় তেওলোকৰ গাত কথা নালাগে। শাসকেই হওক বা বিৰোধীয়েই হওক সকলো বিধায়কৰে একেই অৱস্থা।

শেহতীয়াকৈ অসম বিধান সভা চৌহদৰ বিধায়ক আবাসৰ পৰা বিধান সভাৰ সদন কক্ষলৈ অহাৰ বাবে ৩৫ লাখ টকা খৰচ কৰি পাচখনকৈ গল্ফ কাৰ্ট ক্ৰয় কৰিছে।


বিধায়কসকলক সুকীয়াকৈ গাড়ীৰ তেল বানচ আদিও দিয়াৰ পিছত ৰাইজৰ কৰ কাটলেৰে জমা হোৱা পঁজিৰ পৰা এইবোৰ ব্যয় কিয় তাক লৈ শাসক বিৰোধী কোনো এজন বিধায়কৰে মাত বন্ধ।

বহু বিধায়কৰে চৰকাৰী আৱাসৰ পৰা খোজ কাঢ়ি আহিব পৰা দূৰত্ব। যোৱা সময়চোৱাত বহু বিধায়কে খোজ কাঢ়ি অহাই দেখা যায় তাৰ পিছতো এই বিলাসী ব্যবস্থাক লৈ কাৰো মাত নাই।

কৰোনা কালত আজি দেশৰ অৰ্থনীতি বিধস্ত বহু লোকে এমুঠি ভাতৰ বাবে হাহাকাৰ কৰি থকা সময়ত , এনে বিলাসিতাক কিয় গুৰুত্ব দিছে আমাৰ জনপ্ৰতিনিধিসকলে।

ইন্ধনৰ ব্যৱহাৰ কমাবলৈ অথবা প্ৰদূষণ কমাবলৈ আমাৰ কৰৰ পৰা এনে ধৰনৰ বিলাসীজীৱন আৰম্ভ কৰা এইসকল ৰাইজৰ প্ৰতিনিধিয়ে কেতিয়ালৈ ৰাইজৰ কথা ভাবিব সেইয়া সময়ৰ অপেক্ষাত।

লগতে পঢ়ক- পৌৰসভা নিৰ্বাচনৰ বাবে সাজু চৰাইদেউ জিলা প্ৰশাসন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply