অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ বাবে মই যোগ্যঃ ৰিপুন বৰা

নিউজ ডেস্ক: কংগ্ৰেছ সভাপতি লুৰীণ জ্যোতি গগৈ আৰু অখিল গগৈৰ নেতৃত্বাধীন নতুন ৰাজনৈতিক দল দুটাৰ সন্দৰ্ভত বিস্ফোৰক মন্তব্য আগবঢ়াই | ৰিপুন বৰাৰ মন্তব্য ” অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল বিজেপিৰ বি-টীম হয়নে নহয় সেই কথা সেই কথা তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰাৰ অন্তিম দিনা ৰাইজে নিজেই গম পাব”।
দল দুটাই মিত্ৰতা কৰাৰ পিছতো একেটা সমষ্টিতে দুয়োটা দলে প্ৰাৰ্থী দিয়া বিষয়ক লৈ ৰাইজ বিভ্ৰান্ত হৈছে |
ৰাজনীতি কৰা মানুহৰ যদি উচ্চাকাংক্ষা নাথাকে তেনেহলে সেইজন কাপুৰুষ হয়। মই কাপুৰুষ নহয়, সেইবাবে মুখ্যমন্ত্ৰী পদৰ বাবে যোগ্য প্ৰাৰ্থী।- এই মন্তব্য ৰিপুন বৰাৰ। সংবাদ মাধ্যমৰ আগত নিজকে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ বাবে যোগ্য ব্যক্তি বুলি মন্তব্য কৰে ৰিপুন বৰাই।

আনহাতে ২৭ মাৰ্চত ৪৭ খনৰ আসনৰ ভিতৰত ৪০ খনেই কংগ্ৰেছে লাভ কৰিব বুলি মন্তব্য কৰে ৰিপুন বৰাই। অৰ্থাৎ ৮০ শতাংশ আসন লাভ কৰি কংগ্ৰেছে ডিষ্টিংছন পাব বুলি দাবী অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply