নিউজ ডেস্ক: বিৰোধী ঐক্য বা বিৰোধী পক্ষৰ বুজাবুজিক নাকচ কৰি অহা ‘আম আদমি পার্টি’য়েই গুজৰাটত বিধানসভা নিৰ্বাচনত বিজেপিক অধিক আসন লাভৰ বাট মোকলাই দিলে। নির্বাচনী বিশ্লেষকসকলৰ মতে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দলটোৱে গুজৰাটত নির্বাচনী পানী ঘোলা কৰি বিজেপিৰ ভোটবেংকত সামান্যকণো ক্ষতি কৰিব নোৱাৰিলে, বৰং উপকাৰহে কৰিলে।
আনহাতে পূৰ্বৰ নিৰ্বাচনত কংগ্ৰেছে লাভ কৰা ৭৭ খন আসনৰ পৰিবৰ্তে এইবাৰ আসনৰ সংখ্যা কমিল ১৭ খনলৈ। নির্বাচনী বিশ্লেষকসকলৰ মতে গুজৰাটত আপৰ প্ৰতিদ্বন্দ্বিতা আৰু এই দলটোৱে কংগ্ৰেছৰ লগত বিৰোধী ঐক্য বা বুজাপৰাত অস্বীকাৰ কৰাত বাৰুকৈয়ে সহায় কৰিলে বিজেপিক।
ৰাজ্যখনত আপে এইবাৰ ১২.৯ শতাংশ ভোট লাভ কৰিবলৈ সক্ষম হয়। উল্লেখ্য, গুজৰাট বিধানসভা নিৰ্বাচনৰ মুঠ আসন আছিল ১৮২ খন। এইবাৰৰ নিৰ্বাচনত ৫ আসনত জয়ী হৈ আপে ৩৫ খন আসনত দ্বিতীয় স্থান লাভ কৰে।
২০১৭ চনৰ নিৰ্বাচনত গুজৰাটত আপে লাভ কৰিছিল ০.৬২ শতাংশ ভোট। কিন্তু এইবেলি ৰাজ্যখনত আম আদমি পাৰ্টিয়ে পোৱা ভোটৰ পৰিমাণ ০.৬২ শতাংশৰ পৰা বৃদ্ধি পায় হয়গৈ ১২.৯ শতাংশ। বিজেপিৰ দুৰ্গত স্বাভাৱিকতে আপৰ ভোটৰ হাৰ বৃদ্ধিৰ কাৰণ হৈছে কংগ্ৰেছৰ ভোটবেংকৰ পৰা কাঢ়ি অনা ভোট লাভ।
চলিত বৰ্ষৰ ২৭ নৱেম্বৰত আম আদমি পাৰ্টিৰ প্ৰধান অৰবিন্দ কেজৰিৱালে এখন সংবাদমেলযোগে দাবী কৰিছিল যে গুজৰাটত এইবাৰ আম আদমি পার্টিৰ চৰকাৰ গঠন হ’ব। পিচে আজি কেজৰিৱালৰ সেই আশা পূৰণ নহ’ল আৰু ইয়াৰ বাবে তেওঁৰ অনুশোচনা পৰিলক্ষিত নহ’ল। আপে লাভ কৰে মাত্ৰ পাঁচখন আসন।
দৰাচলতে গুজৰাট বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ অৱক্ষয়ৰ বাবে আপে প্রত্যক্ষভাৱে জয়ী হোৱাৰ সুবিধা লাভ কৰে বুলি এইদৰে শেহতীয়াকৈ ৰাজনৈতিক মহলত চর্চাও চলিছে। ইপিনে ২০১৭ চনৰ নিৰ্বাচনত কংগ্ৰেছে ভোট লাভ কৰিছিল ৪২.৯৭ শতাংশ। কিন্তু এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছে ভোট লাভ কৰে মাত্ৰ ২৭ শতাংশ।
এইবাৰ কংগ্ৰেছকো ছেৰ পেলাই আপে ৫ আসনত জয়ী হৈ ৩৫ খন আসনত দ্বিতীয় স্থান লাভ কৰি গুজৰাটত বিৰোধী পক্ষৰ সমানে নির্বাচনী যুঁজত নামিবলৈ যোগ্যতা অৰ্জন কৰে। ২০১৭ চনত আপে গুজৰাট নিৰ্বাচনত লাভ কৰিছিল ২৯,৫০৯ ভোট। কিন্তু এইবাৰ লাভ কৰে ৪০ লাখৰো অধিক ভোট। আম আদমি পার্টিয়ে ২০১৭ চনত ২৯ খন বিধানসভা নিৰ্বাচনৰ আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। কিন্তু এইবাৰ দলটোৱে কংগ্ৰেছৰ দখলত থকা সমষ্টিসমূহতহে অধিক গুৰুত্ব আৰোপ কৰে।
আনকি নিজৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীগৰাকীকো জিকাবলৈ বলিষ্ঠ সবল যুঁজ নিদিলে। ফলত খাম্ভালিয়া সমষ্টিত পৰাজিত হয় ইছুদান গাদভি। উল্লেখনীয় যে দুদিনমানৰ পূৰ্বে গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শংকৰ সিং বাঘেলাই আপৰ নেতৃবৃন্দ আৰ এছ এছৰ দ্বাৰা প্ৰভাৱিত আৰু বিজেপিৰ সুবিধা হোৱাকৈ আৰ এছ এছে দিয়া পৰামৰ্শমতেই আপে কাম কৰি আহিছে বুলি কৈছিল।
লগতে পঢ়ক – গুজৰাটত হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ চলোৱা সকলো সমষ্টিত বিজেপিৰ জয়লাভ