গুৱাহাটী: ষ্টাৰ কেম্পেইনাৰৰ তালিকাক নাম অন্তর্ভুক্ত হোৱা অসমৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰ চলোৱা গুজৰাটৰ বিধানসভা সমষ্টিসমূহত বিজেপিৰ প্রার্থীসকল নিৰ্বাচিত হৈছে।

প্ৰধান মন্ত্ৰী আৰু গৃহ মন্ত্ৰীৰ গৃহ ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পাছত  হিমন্ত বিশ্ব শৰ্মাই কৰা ভৱিষ্যদ্বাণী অনুসৰিয়ে বৃহস্পতিবাৰে ঘোষিত হ’ল গুজৰাটৰ নিৰ্বাচনী ফল। উল্লেখযোগ্য যে মুখ্য মন্ত্রীয়ে গুজৰাটত যোৱা ১ আৰু ৫ ডিচেম্বৰত অনুষ্ঠিত বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে ৫খন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছিল।

বিশাল জনসভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী শৰ্মাই ক্ষুধাৰ সমালোচনা কৰিছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু আপৰ নেতা অৰবিন্দ কেজৰিৱালক। অসমৰ মুখ্যমন্ত্ৰীয়ে গুজৰাটৰ চুৰাট জিলাতো চলাইছিল নির্বাচনী প্ৰচাৰ। উল্লেখযোগ্য যে চুৰাট উত্তৰ, চুৰাট দক্ষিণ আৰু চুৰাট পূব নামৰ তিনিটা সমষ্টি আছে।

শৰ্মাই নির্বাচনী সমাৱেশত অংশগ্ৰহণ কৰা সমষ্টিসমূহৰ ভিতৰত কামজে, গান্ধীৰাম, আনজেৰ, দাৰিয়াপুৰ, ধনচেৰা আদি সমষ্টিসমূহ অন্তর্ভুক্ত আছিল। জানিব পৰা মতে, অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ চলোৱা সমষ্টিসমূহত বিজেপিৰ প্ৰাৰ্থীসকল জয়ী হয়।

অসম আৰু দিল্লীৰ পৰা গুজৰাটত উপস্থিত হৈ মুখ্যমন্ত্রী শৰ্মাই আহমেদাবাদ কুবেৰ নগৰতো বিশাল নির্বাচনী সভাত দলৰ প্ৰাৰ্থীসকলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল। বৃহস্পতিবাৰে গুজৰাটৰ নিৰ্বাচনী ফল ওলোৱাৰ পাছত বিপুলসংখ্যক সমষ্টিত বিজেপি জয়লাভ কৰিবলৈ সক্ষম হয়। বিজেপিৰ জয়যাত্ৰাৰ দৌৰত ছেদেলি-ভেদেলি হৈ পৰিল কংগ্ৰেছ আৰু আপ। যাৰ ফলত হিমন্ত বিশ্ব শৰ্মাই নির্বাচনী প্ৰচাৰ চলোৱা সমষ্টিসমূহো গেৰুৱা দলৰ দখললৈ গ’ল।

উল্লেখযোগ্য যে প্রধানমন্ত্রী আৰু গৃহ মন্ত্ৰীৰ গৃহ ৰাজ্য গুজৰাটৰ নিৰ্বাচনী প্ৰচাৰত অংশ লোৱাৰ পাছতে সংবাদ মাধ্যমৰ আগত অসমৰ হিমন্ত বিশ্ব শৰ্মাই গুজৰাটত বিজেপিয়ে ১৫০খনৰ আশে-পাশে আসনত জয়লাভ কৰিব বুলি ভৱিষ্যদ্বাণী কৰিছিল।

কালি ঘোষিত নির্বাচনী ফলত বিজেপিয়ে ১৫৬খন আসনত জয়লাভ কৰাটো নিশ্চিত হৈ পৰাৰ পাছত মুখ্যমন্ত্ৰীৰ ভৱিষ্যদ্বাণী যে আখৰে আখৰে ফলিয়ালে সেই কথা প্রতিফলিত হ’ল। ইফালে, এইবাৰ গুজৰাট বিধানসভাৰ নিৰ্বাচনৰ আগে আগে অৰবিন্দ কেজৰিৱালৰ দল ‘আপক লৈ সংবাদ মাধ্যমত ব্যাপক চর্চা চলিছিল যদিও আজি ঘোষিত হোৱা ফলত আপে শোচনীয় ফলহে লাভ কৰে।

গুজৰাটৰ নিৰ্বাচনৰ পূৰ্বে আপক লৈ হোৱা চৰ্চা আৰু ঘোষিত ফলৰ পাছত হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে আপ মিডিয়াৰ ক্ৰিয়েশ্যন, ৰিয়েলিটীত একো নাই।

লগতে পঢ়ক – মঙলদৈৰ মোৱামাৰীত অবৈধ মাটি খননৰ বিৰোধিতা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply