নিউজ ডেস্ক: বিগত এসপ্তাহে গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত বাহৰ পাতি আছে মহাৰাষ্ট্ৰৰ শিৱসেনাৰ বিসম্বাদী বিধায়কৰ দলে। পিছে ইমান দিনে এই বিধায়কসকলে কি কৰি সময় পাৰ কৰিছে? জানিব পৰা মতে, বিসম্বাদী বিধায়কসকলে ৰেডিছন ব্লুত দবা, লুডো খেলি পাৰ কৰিছে সময়।
সূত্ৰ অনুসৰি, বিদ্ৰোহী বিধায়কসকলৰ আন কোনো গুৰুতৰ কাম নথকাত তেওঁলোকে দবা, লুডো আদি বিভিন্ন ইনড’ৰ গেম খেলি নিজকে ব্যস্ত ৰাখিছে।
উল্লেখযোগ্য যে মহাৰাষ্ট্ৰৰ কেবিনেট মন্ত্ৰী একনাথ শিণ্ডেৰ নেতৃত্বত যোৱা ২২ জুনৰ পৰা গুৱাহাটীত বাহৰ পাতি আছে। এই বিধায়কসকলৰ বাবে প্ৰথমে প্ৰায় এসপ্তাহৰ বাবে হোটেলৰ কোঠা বুকিং কৰা হৈছিল।
ইফালে, উক্ত বিধায়কসকলে বাহৰ পাতি থকা ৰেডিছন ব্লু হোটেলত নিৰাপত্তাৰ ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। সোমবাৰে মণিপুৰৰ শিৱসেনাৰ ৰাজ্যিক সভাপতি এম টম্বি সিঙে বিধায়কৰ দলটোক লগ কৰিবলৈ হোটেলখনলৈ আহিছিল যদিও তেওঁক বিধায়কসকলক সাক্ষাৎ কৰাত বাধা দিয়া হয়।
আনহাতে, যোৱা এসপ্তাহ ধৰি হোটেলখনত সাধাৰণ লোকক প্ৰৱেশ কৰাত বাধা আৰোপ কৰাৰ বিপৰীতে উচ্চপদস্থ আৰক্ষী বিষয়া, শাসকীয় বিজেপিৰ মন্ত্ৰী, বিধায়ক তথা নেতাসকলে দৈনিক হোটেলখনত অহা যোৱা কৰি থকাৰ খবৰ পোৱা গৈছে।
মহাৰাষ্ট্ৰৰ মুখ্য মন্ত্ৰী উদ্ধৱ থাকৰেৰ বিৰুদ্ধে বিসম্বাদ কৰি শিন্দেৰ নেতৃত্বত শিৱসেনাৰ এটা বিধায়কৰ দলক যোৱা ২১ জুনত মুম্বাইৰ পৰা চুৰাটলৈ লৈ যোৱা হৈছিল আৰু তাৰ পিছদিনা তেওঁলোক বিমানেৰে গুৱাহাটীত উপস্থিত হৈছিল।
শেহতীয়া খবৰ অনুসৰি শিৱসেনাৰ বিসম্বাদী বিধায়কৰ দলটোৱে আৰু এসপ্তাহ গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত থাকিব বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক – ২০১৮ চনৰ এটা টুইটৰ বাবে Alt News-ৰ সহ প্ৰতিষ্ঠাপক মহম্মদ জুবেইৰক গ্ৰেপ্তাৰ