ৰাষ্ট্ৰীয় দলৰ ওচৰত মিত্ৰতাৰ নামত নেগুৰ পেলাইছে আঞ্চলিকতাবাদী শক্তিয়ে।ভাৰতীয় জনতাপাৰ্টী আগ্ৰসনত যেন ক্ৰমাৎ অস্তিত্ব সংকটত পৰিছে ৰাজ্যৰ আঞ্চলিকতাবাদী শক্তি অসম গণ পৰিষদে।অহা ১৯ এপ্ৰিলত হ’বলগীয়া গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ৬০টা ৱাৰ্ডৰ ভিতৰত মাত্ৰ ৭টা ৱাৰ্ডতহে প্ৰতিদ্বন্দ্বিতা কৰিব অগপই।
ৰাজ্য চৰকাৰৰ অংশ অগপই এইবাৰ প্ৰতিদ্বন্দিতা কৰিব লগা ৱাৰ্ড কেইটা হ’ল ১,১১,১২,১৩,১৪,৩৩ আৰু ৫৯ নম্বৰ ৱাৰ্ড। ইয়াৰে পশ্চিম গুৱাহাটী সমষ্টিত সৰ্বাধিক ৫টা ৱাৰ্ড আৰু পূব গুৱাহাটীত এটা ৱাৰ্ডৰ লগতে দিছপুৰ সমষ্টিত এটা ৱাৰ্ডত প্ৰাৰ্থী থিয় কৰোৱা সুযোগ পাইছে অগপই। গুৱাহাটী পৌৰ নিগমত এইবাৰ পূৰ্বৰ ৩১টা ৱাৰ্ডৰ পৰা সংখ্যা ৬০টা লৈ বৃদ্ধি হৈছে।
মিত্ৰজোটৰ অংশীদাৰ ৰূপে এক তৃতীয়াংশ আসনো এৰি দিবলৈ ৰাজী নহয় বিগ ব্ৰাদাৰ বিজেপি। পশ্চিম গুৱাহাটী সমষ্টিৰ অগপ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই দলে ৭টা সমষ্টিত প্ৰাৰ্থী দিয়াক লৈ কৰা মন্তব্যত ইয়াৰ বাবে দলৰ কোনো ক্ষতি নহয় বুলি উল্লাখ কৰে। বিধায়ক গৰাকীৰ মন্তব্য আমাৰ লক্ষ্য মিত্ৰজোঁটৰ সৈতে সকলো আসন দখল কৰি পৌৰ নিগম খন শক্তিশালী কৰা।