গুৱাহাটী পৌৰ নিগমৰ ৬০টা ৱাৰ্ডৰ নিৰ্বাচনৰ বাবে মুঠ ২১২ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন। ইয়াৰ ভিতৰত বিজেপিৰ ৫৩ গৰাকী, অগপৰ ৭ গৰাকী, কংগ্ৰেছৰ ৫৯ গৰাকী, অসম জাতীয় পৰিষদৰ ২৬ গৰাকী আৰু আম আদমী পাৰ্টীৰ ৩৭ গৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিছে মনোনয়ন ৷
বুধবাৰে মনোনয়ন দাখিলৰ অন্তিম দিন আছিল। ৪ এপ্ৰিললৈ মনোনয়ন প্ৰত্যাহাৰ কৰাৰ শেষ দিন । অহা ১৯ এপ্ৰিলত হ’বলগীয়া পৌৰ নিগমৰ নিৰ্বাচনৰ পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ হ’ব ভোটগ্ৰহণ । ২১ এপ্ৰিলত হ’ব ভোটগণনা ।


অসম নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য মতে ৬০ টা ৱাৰ্ডত মুঠ ৭ লাখ ৯৬ হাজাৰ ৮২৯ জন ভোটাৰ আছে । ইয়াৰে পুৰুষ ভোটাৰ আছে ৩ লাখ ৯৬ হাজাৰ ৮৯১ গৰাকী, মহিলা ভোটাৰ আছে ৩ লাখ ৯৯ হাজাৰ ৯১১ গৰাকী আৰু তৃতীয় লিঙ্গৰ আছে ২৭ গৰাকী ভোটাৰ ।

পৌৰনিগমৰ নিৰ্বাচনত ৫০ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষিত কৰা হৈছে । এগৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত ২ লাখ ৫০ হাজাৰ টকা খৰছ কৰিব পাৰিব । নিৰ্বাচন অনুষ্ঠিত হ’ব মুঠ ৭৮৯টা ভোটকেন্দ্ৰত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply