গুৱাহাটী : অহা ২২ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতাৰ বাবে ৩০ মাৰ্চ তাৰিখে মনোনয়ন পত্ৰ দাখিল কৰা মুঠ ২১২ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ কালি কামৰূপ মহানগৰ জিলাৰ জিলা নিৰ্বাচনী বিষয়া পল্লৱ গোপাল ঝাৰ তত্ত্বাৱধানত তথা নিৰ্বাচন পৰ্যবেক্ষকসকলৰ উপস্থিতিত পৰীক্ষা কৰা হয়।
মহানগৰীৰ ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হোৱা এই পৰীক্ষণ কাৰ্যসূচীত সহকাৰী নিৰ্বাচনী বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশসকলে মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰাৰ অন্তত ২০৮ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ গ্ৰহণযোগ্য হিচাপে বিবেচনা কৰাৰ বিপৰীতে ৪ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ নাকচ কৰা হয়।
মনোনয়ন পত্ৰ নাকচ হোৱাসকলৰ ভিতৰত আছে ৪ নম্বৰ ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী মধুমিতা চক্ৰৱৰ্তী জানা, ১৬ নম্বৰ ৱাৰ্ডৰ ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী দীপক প্ৰসাদ, ৪১ নম্বৰ ৱাৰ্ডৰ প্ৰাৰ্থী অসম জাতীয় পৰিষদৰ পিংকি বৰপূজাৰী আৰু ৪৪ নম্বৰ ৱাৰ্ডৰ ৰাষ্ট্ৰীয় জনতা দলৰ প্ৰাৰ্থী কামাখ্যা পাণ্ডে। প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাৰ অন্তিম তাৰিখ হৈছে অহা ৪ এপ্ৰিল।
উল্লেখযোগ্য যে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত পঞ্চাছ শতাংশ ৱাৰ্ড মহিলা প্ৰাৰ্থীৰ বাবে সংৰক্ষণ কৰা হৈছে।
অহা ২২ এপ্ৰিলৰ পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ মুঠ ৭৮০ টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হ’বলগীয়া ভোটগ্ৰহণত মুঠ ৭, ৯৭,৮০৭ গৰাকী ভোটাৰে তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। ইয়াৰে ৩,৯৭,১২৮ গৰাকী পুৰুষ, ৪,০০,৬৫৪ গৰাকী মহিলা আৰু ২৬ জন তৃতীয় লিংগৰ ভোটাৰ।