পঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰী হিচাবে কালি শপত লোৱাৰ পিছতেই ভগৱন্ত মানে তেওলোকৰ দলৰ সৈতে সহমতত থকা সকলোকে লৈ পঞ্জাবক আগুৱাই লৈ যোৱা ৰাজ্যসভাৰ খালী হ’বলগীয়া ৫ খন আসনৰ বাবে অহা ৩১ মাৰ্চত হ’বলগীয়া নিৰ্বাচনত আম আদমী পাৰ্টিৰ প্ৰাৰ্থী কৰিব বিচাৰিছে প্ৰাক্তণ ক্ৰিকেটাৰ হৰভজন সিঙক।
নিৰ্বাচনী প্ৰচাৰৰ সময়ত পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে জলন্ধৰত এখন ক্ৰীড়া বিশ্ববিদ্যালয় স্থাপন কৰাৰ কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী ভগৱন্ত মানে হৰভজন সিঙক ক্ৰীড়া বিশ্ববিদ্যালয়ৰ দায়িত্ব অৰ্পণ কৰাৰো সম্ভাবনা।
উল্লেখ্য যে পঞ্জাৱৰ ৫ খন ৰাজ্যসভা আসনৰ বাবে অহা ৩১ মাৰ্চত অনুষ্ঠিত হ’ব নিৰ্বাচন । হৰভজন সিঙে ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে।